ETV Bharat / bharat

অযোধ্যা আইনৰ অধীনত 67 একৰ ভূমি শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত হস্তান্তৰ - Bhagwan SriRam

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসক শনিবাৰে অযোধ্যা আইনৰ অধীনত 67 একৰ ভূমি হস্তান্তৰ কৰা হয় ৷

অযোধ্যা আইনৰ অধীনত 67 একৰ ভূমি শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত হস্তান্তৰ

author img

By

Published : Aug 1, 2020, 9:56 PM IST

নিউজ ডেস্ক, 1 আগষ্ট : অযোধ্যা আইনৰ অধীনত অধিগ্ৰহণ কৰা হোৱা 67 একৰ ভূমি শনিবাৰে আনুষ্ঠানিকভাৱে ৰামমন্দিৰ ন্যাসক প্ৰদান কৰা হয় ৷ শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসক প্ৰস্তাৱিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে শনিবাৰে এই ভূমিখিনি আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয় ৷

কাশীৰ জংগমৱাদী মঠত জগৎগুৰু বিশ্বৰাধ্যা গুৰুকুলৰ শতবাৰ্ষিকী অনুষ্ঠানত ছমাহ পূৰ্বে এই সন্দৰ্ভত ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে ৷

5 আগষ্টত প্ৰস্তাৱিত ৰাম মন্দিৰ নিৰ্মাণস্থলীত ভূমি পূজন অনুষ্ঠিত হ'ব ৷ এই অনুষ্ঠানৰ বাবে অযোধ্যাক সম্পূৰ্ণ নতুন ৰূপত সজাই পৰা তোলা হৈছে,নিয়োগ কৰা গৈছে অতিৰিক্ত বাহিনী ৷ মন্দিৰ ন্যাসৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া ভূমি পূজনত মন্দিৰৰ শিলান্যাস কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এই অনুষ্ঠানত দেশৰ প্ৰায় 200 বিশিষ্ট ব্যক্তি উপস্থিত থাকিব আৰু এই অনুষ্ঠান উপলক্ষে মন্দিৰ ন্যাসে প্ৰায় 1,10,000 লাডু প্ৰস্তুত কৰি উলিয়াইছে ৷ প্ৰস্তাৱিত ৰাম মন্দিৰৰ ভূমি পূজনৰ দিনটোত আমেৰিকাৰ প্ৰখ্যাত নিউয়ৰ্ক স্কোৱেৰকো ৰাম মন্দিৰৰ আৰ্হিত আলোকেৰে সজ্জিত কৰি তোলা হ'ব ৷

এক জটিল ন্যায়িক যুঁজৰ অন্তত,2019ৰ 9 নৱেম্বৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অযোধ্যাৰ বিবাদিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ লগতে 67 একৰ ভূমি প্ৰদানৰ পক্ষে ৰায়দান প্ৰদান কৰে ৷ ইয়াৰ লগতে 5 একৰ ভূমি চুন্নী ৱাকফ বোৰ্ডকো মছজিদ নিৰ্মাণৰ বাবে প্ৰদানৰ পক্ষে ৰায়দান কৰে উচ্চতম ন্যায়ালয়ে ৷

ৰাম মন্দিৰ আন্দোলনৰ বাবে সেইসময়ত সমগ্ৰ দেশকে নেতৃত্ব প্ৰদান কৰিছিল দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানীকে ধৰি মুৰলী মনোহৰ যোশীৰ দৰে প্ৰখ্যাত বিজেপি নেতাই ৷

অযোধ্যা আইনৰ অধীনত 67 একৰ ভূমি শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত হস্তান্তৰ
অযোধ্যাস্থিত ডাঃ ৰাম মনোহৰ লোহিয়া অৱধ বিশ্ববিদ্যালয়

আনহাতে এই ভূমি পূজনৰ দিনটোতে উত্তৰ প্ৰদেশৰ অযোধ্যাস্থিত ডাঃ ৰাম মনোহৰ লোহিয়া অৱধ বিশ্ববিদ্যালয়ে প্ৰায় তিনি লাখ চাকি প্ৰজ্জ্বলন কৰিব ৷ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডাঃ মনোজ দিক্ষিতে ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰিছে ৷ বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী,শিক্ষকসমাজ,শিক্ষাৰ্থীসমাজ,স্বেচ্ছাসেৱক আৰু সামাজিক কৰ্মীৰ সহযোগত এই কাৰ্য সম্পাদন কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : চি আই এছএফৰ কৰ্মচাৰীক সামাজিক মাধ্যম বন্ধ কৰাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.