নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ ১৪ দিন পৃথকে আছুতীয়াকৈ থকাৰ পিচত ৬৩ গৰাকী লোকক নিজ গৃহলৈ যাবলৈ দিয়া হয় । হিমাচল প্ৰদেশৰ নুৰপুৰ চহৰত থকা পৃথক আছুতীয়া কক্ষত ৰখা হৈছিল এইকেইগৰাকী লোকক ।
হিমাচল প্ৰদেশ চৰকাৰে এইসকল লোকক চহৰখনৰ বিভিন্ন স্থানত ৰখাৰ ব্যৱস্থা কৰিছিল । কোভিড-১৯ মহামাৰীৰ সময়তে কাশ্মীৰৰ বাসিন্দা এইসকল লোকক এইসমূহ কেন্দ্ৰত ৰাখিছিল প্ৰশাসনে ।
তেওঁলোকে ১৪ দিনৰ আছুতীয়া সময় অতিবাহিত কৰিছে । প্ৰাথমিক চিকিৎসাৰ অন্তত এওঁলোকক নিজ নিজ গৃহলৈ যাবলৈ অনুমতি দিয়া হৈছে যদিও এতিয়াৰ পৰা ১৪ দিন পুনৰ নিজ গৃহত আছুতীয়াকৈ থাকিব লাগিব বুলি জনাইছে মহকুমা দণ্ডাধীশ সুৰেন্দ্ৰ ঠাকুৰে ।
ঠাকুৰে প্ৰকাশ কৰা অনুসৰি, এইসকল লোকে হিমাচল প্ৰদেশলৈ কাম কৰিবলৈ আহিছিল । ইতিমধ্যে তেওঁলোকৰ বাবে হিমাচল প্ৰশাসনে বাছৰ ব্যৱস্থা কৰি দিছে । স্বাস্থ্য় পৰীক্ষাৰ এখনকৈ প্ৰমাণপত্ৰৰ লগতে খাদ্য সামগ্ৰীসহ তেওঁলোকক নিজ নিজ গৃহলৈ প্ৰেৰণ কৰা হ'ব ।
লগতে পঢ়কঃ পাঞ্জাৱক উদ্ধাৰ কৰাত সকলো ক্ষেত্ৰতে উপদেশ দিব ডঃ মনমোহন সিঙে