নিউজ ডেস্ক, 5 মে': কাশ্মীৰ প্ৰশাসনে বান্দিপৰা জিলাৰ 6 খন গাঁৱক "ৰেড জন" হিচাপে ঘোষণা কৰিছে । এই গাঁও কেইখন হৈছে- কোনান, গান্দ কাইছেৰ, গান্দ দাছিনা, হকবাৰা, মাডৱান আৰু পেঠকোটে ।
এই 6 খন গাঁৱত নতুনকৈ পোৱা গৈছে 6 জন কৰ'ণা ভাইৰাছত আক্ৰান্ত লোক । জিলাখনৰ আন আন অঞ্চললৈ যাতে এই ৰোগ বিয়পিব নোৱাৰে তাৰ বাবে "ৰেড জন" ঘোষণা কৰিছে এই গাঁও কেইখনক ।
বান্দিপৰাৰ জিলা দণ্ডাধীশ শ্বাহবাছ আহমদ মিৰ্জাই জনোৱা অনুসৰী এই অঞ্চল কেইটাত 144 ধাৰা লগোৱা হৈছে যাতে "ৰেড জন" এলেকাৰ পৰা মানুহ ওলাই আন অঞ্চললৈ যাব নোৱাৰে আৰু আন স্থানৰ পৰা মানুহ আহিব নোৱাৰে ।
আইন ভংগকৰি লক ডাউনৰ বাবে নিষিদ্ধ কৰি ৰখা যি কোনো কাম কৰিলেই কঠোৰ শাস্তিৰ সন্মূখীন হ'ব বুলিও কয় জিলা দণ্ডাধীশ গৰাকীয়ে ।