বাংগালুৰু, 20 ফেব্ৰুৱাৰীঃ বাংগালুৰুৰ কেম্পেগ’ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ বিমানবন্দৰ শুল্ক বিভাগে নিয়মীয়া তালাচীত উদ্ধাৰ কৰিবলৈ সক্ষম হয় 5 কোটি টকা মূল্যৰ এফেড্ৰিন (Ephedrine) নামৰ নিচাজাতীয় সামগ্ৰী ৷ মুঠ 5.115 কেজি ওজনৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে বিভাগটোৱে ৷
![45 টাকৈ টেমাত উদ্ধাৰ 5.115 কেজি ওজনৰ এফেড্ৰিন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/kn-bng-01-drugs-av-7208821_20022020085550_2002f_1582169150_524.jpg)
চেন্নাইৰ এজন লোকে অষ্ট্ৰেলিয়ালৈ সৰবৰাহ কৰাৰ চেষ্টা চলাওতেই আটক কৰা হয় লোকজনক ৷ লোকজনৰ পৰা মুঠ 45 টাকৈ টেমাত নিচা জাতীয় সামগ্ৰীখিনি উদ্ধাৰ কৰা হয় ৷ ইতিমধ্যে NDPS Act 1985 ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷
![বাংগালুৰু বিমানবন্দৰত জব্দ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/kn-bng-01-drugs-av-7208821_20022020085550_2002f_1582169150_321.jpg)
এই মাৰাত্মক নিচাজাতীয় সামগ্ৰী ইতিমধ্যে বহু কেইখন দেশত নিষিদ্ধ ঘোষণা কৰা হৈছে ৷ এই এফেড্ৰিন ডাগ্ৰছক কেপচুল,টেবলেট আৰু ইনজেকশ্যন হিচাপে বহু ৰোগৰ বাবে ব্যৱহাৰ কৰা হয় ৷