নেশ্যনেল ডেস্ক, 3 জুলাই : লক ডাউনৰ মাজতে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত প্ৰাণ হেৰুৱালে 5 যুৱকে ৷ 50 ফুট দ' এক জলপ্ৰপাতৰ পৰা ছেলফি ল'বলৈ গৈ পানীত ডুবি মৃত্যুমুখত পৰে যুৱককেইজনে ৷ উল্লেখ্য যে, কাল মন্দবী জলপ্ৰপাতত পিকনিকৰ গৈছিল অম্বিকা চৌকৰ 13 জন যুৱক ৷
![মহাৰাষ্ট্ৰৰ পালঘৰ জিলা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/rtu-mh-pal-watar-fall-in-death-5-javhar-inssidend-mh1900_02072020231955_0207f_03880_669.jpg)
মৃত যুৱককেইজন নিমেশ পেটেল,দেবেন্দ্ৰ ফলটংকৰ,দেবেন্দ্ৰ বাঘ,প্ৰমথেশ চৱন আৰু জয় ভইৰ বুলি জানিব পৰা গৈছে ৷ জলপ্ৰপাতটোৰ তেনেই ওচৰত গৈ দুই বন্ধুয়ে ছেলফি লোৱাৰ সময়তে পিছলি পৰে ৷ দুই বন্ধুক উদ্ধাৰৰ বাবে গৈ আন তিনিজনে প্ৰাণ হেৰুৱায় ৷
![মহাৰাষ্ট্ৰৰ পালঘৰ জিলা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/rtu-mh-pal-watar-fall-in-death-5-javhar-inssidend-mh1900_02072020231951_0207f_03880_874.jpg)
লগতে পঢ়ক : বলীউদৰ জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰ সৰোজ খানৰ দেহাৱসান