ETV Bharat / bharat

চিআইএছএফত ৪১ গৰাকী নতুনকৈ আক্ৰান্ত কোভিড-১৯ত

author img

By

Published : May 13, 2020, 9:54 PM IST

বুধবাৰে কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বল, চমুকৈ চিআইএছএফত ৪১ গৰাকী নতুনকৈ কোভিড-১৯ত আক্ৰান্ত সুৰক্ষাকৰ্মী পোৱা হৈছে । বৰ্তমানলৈ বাহিনীটোত ১০৯ গৰাকী সুৰক্ষা কৰ্মী এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে । চিআইএছএফৰ এই পৰিসংখ্যাৰ পিচতেই দেশৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহত সৰ্বাধিক সংখ্যক ৮০০ গৰাকী কোভিড-১৯ চিকাৰ হয় ।

চিআইএছএফত ৪১ গৰাকী নতুনকৈ আক্ৰান্ত কোভিড-১৯ত
চিআইএছএফত ৪১ গৰাকী নতুনকৈ আক্ৰান্ত কোভিড-১৯ত

নিউজ ডেস্ক, ১৩ মে' : কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বলত বুধবাৰে ৪১ গৰাকী নতুনকৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা সুৰক্ষাকৰ্মী পোৱা গৈছে । ইয়াৰ পিচতেই বাহিনীটোত কোভিড-১৯ত আক্ৰান্ত সুৰক্ষাকৰ্মীৰ সংখ্যা সৰ্বাধিক ১০৯ গৰাকী হয় ।

চিআইএছএফে প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি, কলকাতাৰ GRSELত কৰ্মৰত ৩৭ গৰাকী চিআইএছএফ কৰ্মী কৰ'ণা ভাইৰাছ পজিটিভ হোৱাৰ লগতে দিল্লী মেট্ৰ'ত কৰ্মৰত ৪গৰাকী এই ভাইৰাছত আক্ৰান্ত হয় ।

ইয়াৰ পিচতেই কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত কোভিড-১৯ত আক্ৰান্ত সুৰক্ষাকৰ্মীৰ সংখ্যা বৃদ্ধি হৈ ৮০০ হৈছে । ইয়াৰ ভিতৰত চিআৰপিএফত সৰ্বাধিক ২৪০ গৰাকী, আইটিবিপিত ৮২ গৰাকী, বিএছএফত ৩০৩ গৰাকী আৰু এছএছবিত ১৮ গৰাকী কোভিড-১৯ত আক্ৰান্ত হৈছে ।

গাৰ্ডেন ৰিচ্ছ শ্বীপবুইল্ডাৰছ এণ্ড ইঞ্জীনিয়াৰছ লিমিটেডত কৰ্মৰত চিআইএছএফৰ এগৰাকী ৫৫ বৰ্ষীয় সহকাৰী উপ-পৰিদৰ্শক মৃত্যুমুখত পৰে । ইয়াৰ পিচতেই চিআইএছএফত কোভিড-১৯ৰ ফলত নিহত সুৰক্ষাকৰ্মীৰ সংখ্যা হয়গৈ ৩গৰাকী । বৰ্তমানলৈ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত সৰ্বাধিক ৬ গৰাকী সুৰক্ষা কৰ্মী নিহত হৈছে । ইয়াৰ ভিতৰত বিএছএফত দুগৰাকী আৰু চিআৰপিএফত এগৰাকী আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.