নিউজ ডেস্ক, 11 মে': দেশত চলি থকা কৰ'ণা ভাইৰাছ সংকটৰ মাজতে উত্তৰ প্ৰদেশৰ চিত্ৰকূট জিলাত সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা । সোমবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে এই কথা । দেওবাৰে সন্ধিয়া 7.30 মান বজাত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় বুলি জনাই আৰক্ষীয়ে ।
যি স্থানত এই ঘটনা সংঘটিত হয়, তাত কমেও 50 টা পৰিয়ালে বসবাস কৰিছিল । এই পৰিয়াল সমূহৰ ভিতৰত 40 টা কৈ পৰিয়ালৰ ঘৰ ভষ্মীভূত হোৱা বুলি জানিব পৰা গৈছে । ঘটনাটোত কোনো লোকৰ ক্ষয় ক্ষতিৰ বাতৰি পোৱা নাই যদিও লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায় । কি কাৰণত এই ঘটনা সংঘটিত হ'ল এই বিষয়ে জানিব পৰা হোৱা নাই ।
ইপিনে গাঁৱৰ মুৰব্বীয় অভিযোগ কৰে যে, অগ্নি নিৰ্বীপক বাহিনী বহু পলমকৈহে উপস্থিত হয় ।