ETV Bharat / bharat

উত্তৰ প্ৰদেশ আৰু বিহাৰত সংঘটিত ধৰ্ষণৰ ঘটনা

author img

By

Published : Oct 4, 2020, 12:55 PM IST

উত্তৰ প্ৰদেশৰ আলিগড়ৰ খেইৰ আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱৰ লগতে বিহাৰতো সংঘটিত হয় ধৰ্ষণৰ ঘটনা ৷ উত্তৰ প্ৰদেশত এগৰাকী 4 বছৰীয়া শিশু আৰু বিহাৰত এগৰাকী 7 বছৰীয়া কণমানিৰ সৈতে ধৰ্ষণৰ ঘটনা সংঘটিত হয় ৷

ধৰ্ষণৰ ঘটনা
ধৰ্ষণৰ ঘটনা

নেশ্যনেল ডেস্ক, 4 অক্টোবৰ: উত্তৰ প্ৰদেশৰ আলিগড়ৰ খেইৰ আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱৰ এটি 4 বছৰীয়া কণমানিক নিজৰে সম্পৰ্কীয় লোকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

আলিগড় গ্ৰাম্যৰ আৰক্ষীৰ অধীক্ষক শুভম পেটেলে উল্লেখ কৰা অনুসৰি, শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু সম্প্ৰতি তাই সুস্থ অৱস্থাত আছে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

উল্লেখ্য যে, কেইমাহ মানৰ পূৰ্বে বুলন্দচহৰতো এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত তিনিজনকৈ লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল ৷ এই ঘটনাটো তেতিয়াহে পোহৰলৈ আহিছিল যেতিয়া ভুক্তভোগীৰ পৰিয়ালে কিশোৰী গৰাকী 4 মাহৰ গৰ্ভৱতী বুলি অৱগত হয় ৷

আনহাতে শনিবাৰে বিহাৰতো সংঘটিত হয় এক ধৰ্ষণৰ ঘটনা ৷ বিহাৰৰ কোনো ৰাজনৈতিক দলৰ নেতা এজনে এগৰাকী 7 বছৰীয়া কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

শুকুৰবাৰে নিশা অভিযুক্ত জনে শিশুটিক অকলশৰীয়াকৈ পাই চকলেট খাবলৈ দি ওচৰৰে এটা ঘৰলৈ আনি ধৰ্ষণ কৰে ৷ ঘটনা সংঘটিত হোৱাৰ পাচতে যেতিয়া কণমানিটো অচেতন হৈ পৰে, অভিযুক্ত জনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

যেতিয়াই কণমানিটোৰ পৰিয়ালবৰ্গই সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত হয়, তেতিয়া তেওঁলোকে নিকটৱৰ্তী সুখদেৱ নগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷

উল্লেখ্য যে, একাংশ ক্ষোভিত লোকে অভিযুক্তৰ ঘৰলৈ যায় যদিও, সম্প্ৰতি পলাতক অৱস্থাত আছে অভিযুক্ত ৷ অভিযুক্তক নাপাই ক্ষোভিত লোকে ঘৰটোত আক্ৰমণ কৰে ৷ পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু অতি শীঘ্ৰেই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক: তামিলনাডুত ধৰ্ষণৰ বলি অসমীয়া যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.