নিউজ ডেস্ক, ৯ জুনঃ বিগত সপ্তাহত অন্ধ্ৰ প্ৰদেশৰ কাৰ্নুল জিলাৰ আল্লাগাদদা অঞ্চলৰ পদপথত থকা কুকুৰ আক্ৰমণত নিহত হৈছিল এটি ৪ বছৰীয়া শিশু । এটা ৮ জনীয়া কুকুৰৰ দলৰ আক্ৰমণতে নিহত হয় শিশুটো । সোমবাৰে কুকুৰ আক্ৰমণত নিহত হোৱা নৰসিমহা নামৰ শিশুটোৰ মৃত্যুৰ সমগ্ৰ দৃশ্য ভাইৰেল হয় ছ'চিয়েল মিডিয়াত । ঘটনাস্থলীৰ সমীপতে থকা এখন হাস্পতালৰ চিচিটিভি কেমাৰাত বন্দী হয় সমগ্ৰ দৃশ্য ।
আনহাতে, এনে ধৰণৰ ঘটনা সংঘটিত হোৱা পাচতো প্ৰশাসনে পদপথৰ কুকুৰ কেইটাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শংকিত হোৱাৰ উপৰিও ক্ষোভ প্ৰকাশ কৰে অঞ্চলবাসীয়ে ।
লগতে পঢ়কঃ কৃতিমানৰ আলোকেৰে মুখৰিত ধেমাজিৰ এটা পৰিয়াল