নেশ্য়নেল ডেস্ক , ২৩ ডিচেম্বৰ : পশ্চিম বংগত অহা বছৰ এপ্ৰিল-মে মাহতে বিধানসভা নিৰ্বাচন অনুস্থিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । তাৰ মাজতে মমতা বেনাৰ্জী চৰকাৰৰ ৪ মন্ত্ৰীয়ে মংগলবাৰে উপস্থিত নথকাৰ ফলতে অনুস্থিত নহ'ল কেবিনেট বৈঠকখন । ইয়াৰ লগে লগে অখিল ভাৰতীয় তৃণমূল কংগ্ৰেছত বহুকেইগৰাকী মন্ত্ৰী বিধায়কৰ পদত্য়াগৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পালে ।
উপস্থিত নথকা মন্ত্ৰীসকল আছিল ৰাজীৱ বেনাৰ্জী, ৰবীন্দ্ৰ ঘোষ,গৌতম দেৱ আৰু চন্দ্ৰনাথ সিনহা । খবৰ অনুসৰি তিনিওগৰাকীয়ে বৈধ কাৰণতে বৈঠকত উপস্থিত নথকাৰ কথা অৱগত কৰিছে যদিও ৰাজ্যখনৰ বনমন্ত্ৰী ৰাজীৱ বেনাৰ্জীক অৱশ্যে এই ক্ষেত্ৰত সম্পূৰ্ণ নিমাত দেখা গ’ল ।
বৈঠকত উপস্থিত নথকা মন্ত্ৰীৰ ভিতৰত আছে কোঁচ বিহাৰৰ উন্নয়ন মন্ত্ৰী ৰবীন্দ্ৰ ঘোষো । তেওঁ উল্লেখ কৰা মতে, মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীৰ এক উন্নয়ণকামী আঁচনি 'দূৱাৰ চলো' শীৰ্ষক অনুস্থানৰ পৰ্যালোচনা কৰিবলৈ যোৱাৰ বাবে বৈঠকত উপস্থিত থাকিব নোৱাৰিলে ।
দাৰ্জিলিঙৰ পৰ্যটন মন্ত্ৰী অসুস্থ আছিল আৰু চন্দ্ৰনাথ সিনহাই জনোৱা মতে আগন্তুক সপ্তাহত বীৰভূমত মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীৰ এক ৰেলীৰ প্ৰস্তুতিত ব্যস্ত থকাৰ বাবে বৈঠকত উপস্থিত থাকিব নোৱাৰিলে । ৰাজীৱ বেনাৰ্জীয়ে TMC নেতৃত্বৰ সৈতে অনুপস্থিতিৰ কাৰণ ব্য়ক্ত কৰাৰ পৰা বিৰত আছে । নিজৰ চিন্তাৰ ওপৰত চৰ্চা কৰিবলৈ সোমবাৰে সপ্তাহটোত দ্বিতীয় বাৰৰ বাবে তেওঁ মিলিত হয় TMCৰ প্ৰধান সচিব পাৰ্থ চেট্টাৰ্জীৰ সৈতে । TMC ৰ নেতৃত্বৰ বিৰুদ্ধে তেওঁৰ কিবা অভিযোগ আছে নেকি এই বিষয়ে সোধাত তেওঁ কয়, "দলৰ এজন শৃংখলাবদ্ধ সৈনিক হিচাপে এই বিষয়ে মই একো নকও । মই পূৰ্বেও পাৰ্থদাৰ বাসভৱনলৈ গৈছিলো । নেতৃত্বই মাতি পঠিওৱাৰ বাবেহে মই আকৌ আহিছো । এই বিষয়ে বেছি লাগি থকাৰ প্ৰয়োজন নাই ।"
উল্লেখ যে পশ্চিম বংগত অহা বছৰ এপ্ৰিল-মে মাহত বিধানসভা নিৰ্বাচন অনুস্থিত হোৱাৰ সম্ভাৱনা আছে । শাসনাধীস্থ TMC আৰু বিজেপি, এটাই আনটোৰ বিৰুদ্ধে প্ৰচাৰ অব্য়াহত ৰাখিছে ।
লগতে পঢ়ক :নিয়ন্ত্ৰণ হেৰুৱাই 24 কিলোমিটাৰ বিপৰীত দিশত চলিল এখন মালবাহী ৰেল