ETV Bharat / bharat

তৃতীয় বড়ো শান্তি চুক্তি: কি পালে বড়োসকলে ! - 3rd Bodo Agreement: All you need to know About

দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিটিচি প্ৰশাসন আৰু বড়ো সশস্ত্ৰ সংগঠনৰ নেতৃত্বই চুক্তিত স্বাক্ষৰ কৰাৰ লগে লগেই সাময়িকভাৱে অন্ত পৰিল বড়োসকলৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ ৷ চুক্তিৰ অধীনত এতিয়াৰে পৰাই বিটিএডিৰ পৰিৱৰ্তে সমগ্ৰ অঞ্চলটোক বিটিআৰ অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বুলি নামাংকন কৰাৰ লগতে অঞ্চলটোৰ উন্নয়নৰ বাবে এক বৃহৎ পৰিমানৰ ধন প্ৰদান কৰা হয় ৷

তৃতীয় বড়ো শান্তি চুক্তি: ন্যায্যতা পালে নে বড়োসকলৰ দীৰ্ঘদিনীয়া সংগ্ৰামে !

author img

By

Published : Jan 27, 2020, 7:10 PM IST

Updated : Jan 27, 2020, 7:22 PM IST

1993 চনত বিটিচি নামেৰে প্ৰথমখন বড়ো চুক্তি স্বাক্ষৰ হৈছিল ৷ 2003 চনত বিলটিএফৰ সৈতে দ্বিতীয়খন বিটিচি চুক্তি স্বাক্ষৰ হৈছিল আৰু আজি স্বাক্ষৰ হোৱা এইখন হৈছে তৃতীয়খন চুক্তি ৷

দীৰ্ঘসময় ধৰি ৰক্তপ্ৰৱাহ কৰা বড়োসকলৰ সংগ্ৰামক এক ন্যায্যতা প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে ৷ সোমবাৰে অৰ্থাৎ 27 জানুৱাৰী তাৰিখে নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, বিটিচি প্ৰশাসনৰ উপস্থিতিত সশস্ত্ৰ বিদ্ৰোহী সংগঠন নেশ্বনেল ডেম'ক্ৰেটিক ফ্ৰন্ট অৱ বড়োলেণ্ড চমুকৈ এনডিএফবিৰ সৈতে এক চুক্তি স্বাক্ষৰ হয় ৷ ত্ৰিপাক্ষিক এই চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, এনডিএফবিৰ চাৰিওটা গোটৰ শীৰ্ষ নেতৃত্ব, নিখিল বড়ো ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্ব আৰু কেন্দ্ৰীয় চৰকাৰ ৷ এই চুক্তিয়ে বড়োভূমিত দীৰ্ঘদিন ধৰি চলি থকা সশস্ত্ৰ আন্দোলনক মাত্ৰা প্ৰদান কৰি ইয়াৰ অন্ত পেলাবলৈ সক্ষম হয় ৷ এই চুক্তি অনুসৰি, পূৰ্বৰ বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক অঞ্চলক এতিয়াৰে পৰা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন হিচাপে নামাংকন কৰা হয় আৰু অসমৰ পাহাৰীয়া জিলাসমূহত বসবাস কৰা বড়ো লোকসকলক পাহাৰীয়া জনগোষ্ঠী হিচাপে স্বীকৃতি দিয়া হ'ব ৷ দেৱনাগৰী লিপিৰ দ্বাৰা লিখা হোৱা বড়ো ভাষা এতিয়াৰে পৰা অসমৰ সহকাৰী চৰকাৰী ভাষা হিচাপে চিহ্নিত কৰা হয় ৷ সমগ্ৰ অঞ্চলটোৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে প্ৰথম তিনিবৰ্ষৰ বাবে 250 কোটি টকা প্ৰদান কৰিব, একেদৰেই কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিবলগীয়া আৰ্থিক সাহাৰ্য্যৰে সৰ্বমুঠ 1500 কোটি টকা প্ৰদান কৰা হ'ব বিটিআৰক ৷ এই পূঁজিৰ দ্বাৰা অঞ্চলটোত উদ্যোগৰ লগতে ইকো টুৰিজিমত ব্যয় কৰা হ'ব ৷ পূঁজিৰ অধীনৰ সামাজিক-সাংস্কৃতিক সাহাৰ্য্যৰে উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু এখন ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ লগতে বড়ো আন্দোলনক লৈ এটা সংগ্ৰহালয় স্থাপন কৰা হ'ব ৷ পূঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অন্যান্য প্ৰকল্পৰ ভিতৰত এখন আঞ্চলিক চিকিৎসা শিক্ষানুষ্ঠান, হোটেল মেনেজমেন্ট কেম্পাছ, এটা দুগ্ধ উৎপাদন কেন্দ্ৰ, এখন ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু কেবাখনো নৱোদয় বিদ্যালয় অন্যতম ৷ আনহাতে শান্তি চুক্তিৰ দ্বাৰাই বিটিআৰৰ সদস্যৰ আসনৰ সংখ্যা 60খনলৈ বৃদ্ধি কৰাৰ লগতে, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক নিযুক্তিৰ বাবে ল'ব লাগিব বিটিআৰৰ অনুমতি ৷ আনহাতে, বৰ্তমানৰ বিটিএডিৰ পৰা কৰ্তন কৰা হ'ব বড়ো সংখ্যালঘিষ্ঠ গাঁৱসমূহ ৷

চুক্তি স্বাক্ষৰ কৰাৰ পিচতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াক ঐতিহাসিক চুক্তি বুলি উল্লেখ কৰি ইয়ে বড়োসকলৰ লগতে অসমৰ উন্নতি সাধন কৰিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে ৷ চুক্তিৰ অংশীদাৰীসকলক এতিয়া বিদ্ৰোহী নহয়, তেওঁলোক এতিয়া আমাৰ ভাই বুলি উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ "আগন্তুক জানুৱাৰী 30 তাৰিখৰ ভিতৰত প্ৰায় 1500 সশস্ত্ৰ বিদ্ৰোহীয়ে আত্মসমৰ্পন কৰিব ৷ ইয়াৰ ভিতৰত যিসকলৰ বিদ্ৰোহী সংগঠনৰ মজিয়াত এটা স্বচ্ছ ভাবমূৰ্তি আছে তেওঁলোকক অৰ্ধসামৰিক বাহিনীত অন্তৰ্ভূক্ত কৰা হ'ব ৷ বড়ো আন্দোলনত শ্বহীদ হোৱা লোকসকলৰ পৰিয়ালক 5 লাখকৈ সাহাৰ্য প্ৰদান কৰা হ'ব৷ আমি এই চুক্তি সম্পন্ন কৰি তুলিবলৈ কোনো ক্ৰুটি ৰখা নাই ৷ নিৰ্দিষ্ট সময়ৰ ভিতৰতে এই চুক্তি সম্পন্ন কৰি তোলা হ'ব ৷" নতুন দিল্লীত এইদৰে উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷

আনহাতে এই চুক্তি সন্দৰ্ভত, দীৰ্ঘদিন ধৰি অসমক ৰক্তাক্ত কৰি ৰখা এটা সমস্যাৰ অন্ত পৰা বুলি মন্তব্য কৰে অসমৰ শিক্ষা তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই চুক্তিয়ে অসমৰ আন্তঃগাঁথনিৰ কোনোধৰনৰ সলনি নকৰাকৈ সকলোৰে উন্নয়ন সাধন কৰিবলৈ সক্ষম হ'ব বুলি তেওঁ লগতে উল্লেখ কৰে ৷

Intro:Body:

Conclusion:
Last Updated : Jan 27, 2020, 7:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.