নিউজ ডেস্ক, ২৪ জুন : দিল্লীত বুধবাৰে ৩,৭৮৮ জন লোকৰ দেহত কোভিড-১৯ ৰ উপস্থিতি ধৰা পৰিছে । ইয়াকে লৈ ৰাজধানীত সৰ্বমুঠ আক্ৰান্ত লোকৰ সংখ্যা ৭০ হাজাৰতকৈ অধিক হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা ২,৩৬৫ জনলৈ বৃদ্ধি হয় । এই পৰ্যন্ত ৰাজধানী চহৰখনত মংগলবাৰে সৰ্বাধিক আক্ৰান্তৰ সংখ্যা ৩,৯৪৭ জনৰ দেহত কৰ'ণা ভাইৰাছ ধৰা পৰে ।
এতিয়ালৈ ৰাজধানীখনত প্ৰতিদিনেই ২৫০০ ৰ পৰা ৩০০০ হাজাৰ পৰ্যন্ত ৰোগীক চিনাক্ত কৰা হৈছে । লগতে চৰকাৰী সূত্ৰ অনুসৰি, প্ৰতি ২৪ ঘন্টাত ৬৪ জন লোকৰ কোভিড-১৯ মৃত্যু হৈছে । লগতে কেৱল মঙগলবাৰে ৰাজধানীখনত মৃতকৰ সংখ্যা হৈছে ২,৩০১ গৰাকী ।
লগতে পঢ়ক : কৰ'ণাত আক্ৰান্ত ১৫ গৰাকী বিএছএফ জোৱান