নিউজ ডেস্ক, ১১ জুনঃমণিপুৰত নতুনকৈ ৩১ জন ব্যক্তিৰ দেহত ধৰা পৰিছে কোভি-১৯ৰ উপস্থিতি। বৃহস্পতিবাৰলৈকে চুবুৰীয়া ৰাজ্যখনত কোভিড-১৯ আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩৪২ জনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ কোভিড-১৯ আক্ৰান্ত মুঠ ৩৮২ গৰাকী লোকৰ ভিতৰত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ২৭৯ গৰাকী ৰোগী।
![31 more covid 19 cases in manipur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04:10_manipur1591871762144-9_1106email_1591871773_455.jpg)
নতুনকৈ এই ভাইৰাছৰ কৱলত পৰা মুঠ ৩১ গৰাকী লোকৰ ভিতৰত ১৩ গৰাকীকৈ পশ্চিম ইম্ফল আৰু টামেংলঙৰ,কাকচিং আৰু উখৰুলৰ ২ গৰাকীকৈ আৰু বিষ্ণুপুৰ এজন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি,দেশত মুঠ ২,৮৬,৫৭৯ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। আনহাতে,এই মহামাৰীত মৃত্যুমুখত পৰিছে ৮,১০২ গৰাকী ব্যক্তি।
লগতে চাওকঃ নগাঁও আৰক্ষীৰ জালত দুই পলাতক অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী