ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Jan 5, 2021, 3:06 PM IST

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

3 PM TOP TEN NEWS
3 PM TOP TEN NEWS

অন্ধকাৰত ডুবিছে হিমা দাসৰ জন্মগাঁও

হিমাৰ গাঁৱখনৰ উন্নয়ন সাধনৰ উদ্দেশ্যে বিভিন্ন আঁচনি প্ৰস্তুত কৰিছিল অসম চৰকাৰে ৷ ইয়াৰে অন্যতম আছিল সৌৰশক্তি চালিত ষ্ট্ৰীট লাইট স্থাপন ৷ কিন্তু এই আঁচনি কাৰ্যকৰী কৰাৰ পিছৰে পৰা বিকল হৈ পৰে ষ্ট্ৰীট লাইটসমূহ ৷

ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ প’ষ্টাৰ ফালিলে দুৰ্বৃত্তই

ৰঙিয়াত বিজেপিৰ ৰাজ্যিক কাৰ্য নিৰ্বাহক সদস্য ডাঃ প্ৰাঞ্জল ভৰালীৰ ফটো সম্বলিত প’ষ্টাৰ আৰু হৰ্ডিং ফালি পেলাইছে অচিনাক্ত দুৰ্বৃত্তই ৷ এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

অখিল গগৈৰ কাৰামুক্তিৰ কামনাৰে বন্তি জ্বলালে মাতৃ প্ৰিয়দা গগৈয়ে

সোমবাৰে পুত্ৰ তথা কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে পুত্ৰৰ কাৰামুক্তিৰ কামনাৰে ভগৱানৰ ওচৰত এগছি বন্তি জ্বলায় ৷ মোৰ অখিলে একো দোষ কৰা নাই, বিনা দোষত অখিলক ইমান কষ্ট দিছে বুলি সাংবাদিকৰ আগত চকুপানী টুকি থুকাথুকি মাতেৰে ক'লে মাতৃ প্ৰিয়দা গগৈয়ে ৷

নাওবৈচাত বন্ধ গ্ৰাম্য চিকিৎসালয়ঃ কাণসাৰ নাই স্বাস্থ্য বিভাগৰ

ফুটুকাৰ ফেনত পৰিণত স্বাস্থ্য বিভাগৰ আমূল পৰিৱৰ্তনৰ লক্ষ্য ৷ বিয়াগোম স্বাস্থ্য বিভাগৰ দ্বায়িত্বহীনতা আৰু অমনোযোগিতাৰ বাবে প্ৰায় 10বছৰ পূৰ্বে সম্পূৰ্ণ হোৱা ফুলবাৰী দহখন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন বৰ্তমান চিকিৎসক,নাৰ্চ আৰু স্বাস্থ্য কৰ্মীৰ অভাৱত যোৱা এটা বছৰে বন্ধ হৈ আছে ৷

গুৱাহাটীৰ বিখ্যাত গগৈ পৰ্ক আৰু ইয়াৰ আঁৰৰ ব্যক্তিজন

60 হাজাৰ টকীয়া চাকৰি এৰি দেশে-বিদেশে গাহৰি মাংস বিক্ৰী কৰি আহিছে ভাস্কৰ গগৈ নামৰ এগৰাকী উদ্যমী যুৱকে ৷ পত্নীৰ সাহস আৰু 10হাজাৰ টকাৰে ২০১০ চনত ভাস্কৰ গগৈয়ে আৰম্ভ কৰিছিল গগৈ পৰ্ক নামেৰে গাহৰি মাংসৰ ব্যৱসায় ৷ কেৱল জুইত পোৰা গাহৰি মাংসৰ বাবেই গগৈ পৰ্ক এতিয়া সৰ্বজনবিদিত ৷

পানবজাৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী

ড্ৰাগছৰ বিৰুদ্ধে পানবজাৰ আৰক্ষীৰ অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট ৷ লগতে আটক কৰা হয় ড্ৰাগছ সৰবৰাহৰে জড়িত তিনিজন যুৱক ৷

ধূলিৰ পৰা পৰিত্ৰাণ বিচাৰি কণ কণ শিক্ষাৰ্থীৰ প্ৰতিবাদ

বাইহাটাত কণ কণ শিক্ষাৰ্থীৰ প্ৰতিবাদ ৷ নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠদানত ব্যাঘাত জন্মোৱা ধূলিৰ পৰা পৰিত্ৰাণ বিচাৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

কাইলৈ হাস্পতালৰ পৰা মুক্তি লাভ কৰিব বিচিচিআইৰ সভাপতি গাংগুলীয়ে

6 জানুৱাৰীত হাস্পতালৰ পৰা মুক্তি লাভ কৰিব বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে ৷ হৃদৰোগ বিশেষজ্ঞ দেৱী চেট্টীয়ে ঘোষণা কৰে এই কথা ৷

7 জানুৱাৰীত ঘোষণা হ'ব IITত নামভৰ্তি প্ৰক্ৰিয়া, JEE Advancedৰ দিন

7 জানুৱাৰীত ঘোষণা হ'ব IITত নামভৰ্তি প্ৰক্ৰিয়া আৰু JEE Advanced 2021 ৰ দিন ৷ এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ পোখৰিয়ালে ৷

কোকৰাঝাৰ চিকিৎসালয় আকস্মিক পৰিদৰ্শনঃ অৰুপ কুমাৰ দে

স্বাস্থ্য বিভাগৰ দায়িত্ব লাভ কৰাৰ পিছত মঙলবাৰেে কোকৰাঝাৰ চিকিৎসালয় আকস্মিক পৰিদৰ্শন কৰে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰুপ কুমাৰ দেই ৷ চিকিৎসালয় খনত চিকিৎসকৰ অনিয়মীয়া উপস্থিতি দেখি ক্ষুণ্ণ হৈ পৰে কাৰ্যবাহী সদস্য গৰাকী ৷ কৰ্তব্যত ফাঁকি দি নাৰ্ছিংহোমত বহা - প্ৰাইভেট চেম্বাৰত প্ৰেক্টিছ কৰা চিকিৎসকৰ দৰমহা বন্ধ - নিলম্বন কৰা হ’ব বুলিও সকীয়াই দিয়ে অৰূপ কুমাৰ দেই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.