গৰু-ম'হৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে সক্ৰিয় ধুবুৰী আৰক্ষী
বিভিন্ন সময়ত আৰক্ষীৰ অভিযানত বহু চোৰাং ব্যৱসায়ী তথা সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰি আহিছে যদিও হ্ৰাস পোৱা নাই গৰু-মহৰ চোৰাং ব্যৱসায় ৷
দক্ষিণ হাইলাকান্দিত চৰকাৰী কনিষ্ঠ অভিযন্তাক প্ৰাণে মৰাৰ চেষ্টা
দুস্কৃতিকাৰীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈ বৰ্তমান হাইলাকান্দি আসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অসম চৰকাৰৰ এগৰাকী কণিষ্ঠ অভিযন্তা ৷
যোৰহাটত চাঞ্চল্যকৰ এক হত্যাকাণ্ড
শনিবাৰে যোৰহাটৰ চন্দন নগৰৰ বাইলেন ৪ ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ ৰাহুল বসুমতাৰী নামৰ ওদালগুৰিৰ এজন যুৱকক কোঠাৰ ভিতৰতে ডিঙি ৰেপি হত্যা কৰিছে দুৰ্বৃত্তই ৷
ৰাজ্যৰ বাবে সুখবৰ : স্থায়ী সমাধান হ'ব গৰাখহনীয়াৰ !
অসমৰ বাবে এক ভাল খবৰ । শীঘ্ৰেই স্থায়ীভাবে সমাধান হ'ব অসমৰ বান গৰাখহনীয়াৰ সমস্যা । আৰম্ভ হ'ব ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য । উদ্ধাৰ হ'ব লাখ লাখ বিঘা মাটি । কিন্তু কোনে কেনেকৈ কৰিব এই খনন কাৰ্য । এই সম্পৰ্কত চাওঁ আহক ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷
জোনাইৰ অসম-অৰুণাচল সীমান্তত সম্প্ৰীতিৰ নিদৰ্শ
জোনাইৰ অসম-অৰুণাচল সীমান্তত সম্প্ৰীতিৰ নিদৰ্শন ৷ অৰুণাচলৰ বান বিধ্বস্ত অঞ্চললৈ জোনাইৰ কেইবাটাও সংগঠনৰ সাহায্য ৷ অৰুণাচলৰ বান বিধ্বস্ত অঞ্চললৈ সাহায্য় প্ৰদান কৰিলে একাংশ সংগঠনে ৷
সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্য
মগজুৰ ৰক্তক্ষৰণ( মাইল্ড ষ্ট্ৰ’ক ) হৈ শুক্ৰবাৰে নিশা হৰ্ঠাৎ অসুস্থ হৈ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্যৰ অৱস্থিতি সুস্থিৰ হোৱাৰ লগতে বৰ্তমান বিপদমুক্ত ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ঘনিষ্ঠ সূত্ৰই সদৰী কৰিলে এই তথ্য ৷
সকলোৰে আদৰ্শ হোৱা দৰঙৰ এগৰাকী নিষ্ঠাবান মহিলা
দৰং জিলাৰ চিপাঝাৰৰ ভাঙিয়াচুবাৰ ৰঙিলা মেধীয়ে সমাজৰ নিৰক্ষৰ মহিলাসকলৰ মাজত বিলাই গৈছে শিক্ষাৰ পোহৰ ৷ 2004 চনত তেখেতে ৰাষ্ট্ৰপতিৰ পৰাও লাভ কৰিছে বিশেষ সম্বৰ্ধনা ৷
চীনা সৈন্যৰ হাতত বন্দী অৰুণাচলী যুৱক
চীনা সৈন্যই বন্দী কৰিলে অৰুণাচলৰ যুৱকক ৷ টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰিলে অৰুণাচলৰ পাছিঘাটৰ বিধায়ক তথা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ নিনং এৰিঙয়ে ।
গাডকাৰী, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব বহুকেইটা আঁচনি
গাডকাৰী আৰু জগন মোহন ৰেড্ডীয়ে মুকলি কৰিব বহুকেইটা আঁচনিৰ আধাৰশিলা তথা শুভাৰম্ভ ৷ 18 ছেপ্তেম্বৰত দিল্লীৰ পৰাই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰিব গাডকাৰীয়ে ৷
দিহাসম্ৰাটৰ দুৱাৰ-দলিত কণ্ঠশিল্পী মানস ৰবীন
সমগ্ৰ দেশতেই মহামাৰী কৰ'ণাই ত্ৰাসৰ সৃষ্টি কৰি অহাৰ সময়তেই আৰ্থিক অভাৱত ভুগিছে ৰাজ্য়খনৰ অধিকাংশ শিল্পী ৷ এনেসময়ত এজনে আনজনৰ সহায় হোৱাকৈ আগুৱাই আহিছে বহু কেইগৰাকী প্ৰতিষ্ঠিত শিল্পী ৷ এই উদ্দেশ্যৰেই শণিবাৰে দিহাসম্ৰাট কমলা গগৈৰ কাষত উপস্থিত হয়গৈ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন ৷