ETV Bharat / bharat

দিল্লীত দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰাণ সম্পূৰ্ণ

author img

By

Published : Jan 8, 2021, 7:58 PM IST

দেশৰ সৰ্ববৃহৎ চিকিৎসালয় এইমছত আজি 28 জন লোকে টীকাকৰণ ড্ৰাই ৰাণত অংশগ্ৰহণ কৰে ৷ চিকিৎসালয়খনত ড্ৰাই ৰাণৰ সময়ত হাস্পতাল কৰ্তৃপক্ষৰ লগতে দক্ষিণ দিল্লীৰ উপায়ুক্ত উপস্থিত থাকে ৷

28 people participated in the second round dryc run at aiims delhi
দিল্লীত দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰাণ সম্পূৰ্ণ

নিউজ ডেস্ক, 8 জানুৱাৰী : ক’ভিড 19ৰ টীকাকৰণৰ পৰিকল্পনা আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে শুকুৰবাৰে দিল্লীত দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰাণ সম্পন্ন হয় । ৰাজ্যখনৰ দক্ষিণ দিল্লী,দক্ষিণ পূৱ দিল্লী,উত্তৰ পশ্চিম দিল্লী আৰু নতুন দিল্লীৰ কেইবাটাও কেন্দ্ৰত আজি সম্পন্ন হয় টীকাকৰণ ৷ দক্ষিণ দিল্লীৰ দেশৰ সৰ্ববৃহৎ চিকিৎসালয় এইমছ,ছফদৰজং হাস্পতাল,পণ্ডিত মদন মোহন মালব্য হাস্পতাল,পশুপতি চিংঘানীয়া হাস্পতাল আৰু গৱেষণা কেন্দ্ৰত টীকাকৰণ প্ৰদান কৰা হয় ৷

দেশৰ সৰ্ববৃহৎ চিকিৎসালয় এইমছত আজি 28 জন লোকে টীকাকৰণ ড্ৰাই ৰাণত অংশগ্ৰহণ কৰে ৷ ইয়াৰে 17 জন পুৰুষ আৰু 11 গৰাকী মহিলা আছিল ৷ চিকিৎসালয়খনত ড্ৰাই ৰাণৰ সময়ত হাস্পতাল কৰ্তৃপক্ষৰ লগতে দক্ষিণ দিল্লীৰ উপায়ুক্ত উপস্থিত থাকে ৷ আনহাতে দক্ষিণ পূৱ দিল্লীৰ বাত্ৰা হাস্পতাল,ফটিছ হাস্পাতাল,হৌলী ফেমেলি হাস্পতাল,এপ’ল হাস্পতাল,গৌতমপুৰী এমচিডব্লিউ হাস্পতালত ক’ভিড 19ৰ টীকাকৰণৰ দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰাণ কৰা হয় ৷

উল্লেখ্য যে,দিল্লীত প্ৰাথমিক পৰ্যায়ত এহেজাৰটা টীকাকৰণ কেন্দ্ৰত মুকলি কৰা হ’ব ৷ ইয়াৰে 600 টা কেন্দ্ৰত প্ৰথম পৰ্যায়ত টীকাকৰণ কৰা হ’ব ৷ প্ৰত্যেকটো কেন্দ্ৰ অধীনত কেইবাটাও বুথ থাকিব ৷ প্ৰত্যেকটো বুথত শতাধিক লোকক টীকাকৰণ দিয়া হ’ব ৷ তদুপৰি প্ৰত্যেকটো কেন্দ্ৰত এজনকৈ ন’ডেল বিষয়া থাকিব ৷

লগতে পঢ়ক : কলকাতাত বাওঁপন্থী দল আৰু কংগ্ৰেছে আয়োজন কৰিছে বিশাল ৰেলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.