নিউজ ডেস্ক,৩ জুলাইঃ হিমাচলৰ ভাৰত-তিব্বতৰ সীমান্ত আৰক্ষী (Indo-Tibetan Border Police)ৰ ২৮ গৰাকী কৰ্মীৰ দেহত মহামাৰী COVID-19ৰ উপস্থিতি । ইয়াৰ ভিতৰত ৬ গৰাকী কৰ্মী হিমাচল প্ৰদেশৰ শিমলাস্থিত COVID-19ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কৰ্মত নিয়োজিত হৈ আছিল বুলি সদৰি কৰে আইটিবিপিৰ বিষয়াই ।
আনহাতে,ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদৰ তথ্য অনুসৰি,১ জুলাই পৰ্যন্ত ৯০,৫৬,১৭৩ গৰাকী ব্যক্তিৰ কৰ'ণা পৰীক্ষা কৰা হৈছে । তাৰোপৰি, সমগ্ৰ দেশজুৰি কৰ'ণাত আক্ৰান্ত হৈছে ৬,০৪,৬৪১ ৰো অধিক ব্যক্তি । ইয়াৰ ভিতৰত ৩,৫৯,৮৫৯ গৰাকী লোক এই মাৰাত্মক ভাইৰাছৰ পৰা আৰোগ্য হৈ উঠাৰ বিপৰীতে এই ৰোগত আক্ৰান্ত হৈ দেশজুৰি মৃত্যু হৈছে ১৭,৮৩৪ গৰাকী লোকৰ ।