ETV Bharat / bharat

উত্তৰ প্ৰদেশত ট্ৰাক দুৰ্ঘটনা,24 গৰাকী শ্ৰমিক নিহত আৰু আহত 36

author img

By

Published : May 16, 2020, 11:22 AM IST

ৰাজস্থানৰ পৰা 50 গৰাকী প্ৰব্ৰজক শ্ৰমিক কঢ়িয়াই অনা এখন ট্ৰাকখনক দিল্লীৰ পৰা মধ্য প্ৰদেশৰ ছত্তৰপুৰ অভিমুখে গৈ থকা আন এখন ট্ৰাকে খুন্দিওৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় ।

DEL5-UP-LABOURERS-LD-ACCIDENT
উত্তৰ প্ৰদেশত ট্ৰাক দুৰ্ঘটনা,24 গৰাকী শ্ৰমিক নিহত আৰু আহত 36

নেশ্যনেল ডেক্স,16 মেঃ শনিবাৰে পুৱাৰ ভাগত উত্তৰ প্ৰদেশত প্ৰব্ৰজক শ্ৰমিক কঢ়িয়াই নিয়া দুখন ট্ৰাকৰ মুখামুখী সংঘৰ্ষ হয় । উক্ত দুৰ্ঘটনাটোত 24 গৰাকী প্ৰব্ৰজক শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে 36 গৰাকী আহত হয় । শনিবাৰে পুৱা 3-3.30 বজাৰ ভিতৰত দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব দিয়ে ঔৰাইয়াৰ চক্ৰ বিষয়া সুৰেন্দ্ৰনাথ যাদবে ।

উত্তৰ প্ৰদেশত ট্ৰাক দুৰ্ঘটনা

ঘটনাৰ বিৱৰণীত যাদবে কয় যে, ৰাজস্থানৰ পৰা 50 গৰাকী প্ৰব্ৰজক শ্ৰমিক কঢ়িয়াই অনা এখন ট্ৰাকক দিল্লীৰ পৰা মধ্য প্ৰদেশৰ ছত্তৰপুৰ অভিমুখে গৈ থকা আন এখন ট্ৰাকে খুন্দিওৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় ।

আনহাতে, এই ঘটনাত মৃত্যু হোৱা শ্ৰমিক সকলৰ পৰিয়াললৈ শোক ব্যক্ত কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে । মুখ্যমন্ত্ৰী গৰাকীয়ে ততাতৈয়াকৈ, চৰকাৰীভাৱে প্ৰকাশিত এক বিবৃতিত শ্ৰমিকসকলক সকলো ধৰণৰ চিকিৎসা সুবিধা প্ৰদানৰ লগতে, কানপুৰৰ ডিভিজনেল কমিচনাৰ আৰু আৰক্ষী আয়ুক্তক তাৎক্ষণিকভাৱে ঘটনাস্থলী পৰিদৰ্শন কৰি দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত প্ৰতিবেদন প্ৰেৰণ কৰিবলৈ আদেশ দিয়ে ।

কানপুৰৰ আৰক্ষী আয়ুক্ত, মোহিত আগৰৱালাই সাংবাদিকক ফোনযোগে জনায় যে, বাহন দুখনত থকা শ্ৰমিকসকলৰ অধিকাংশই ঝাৰখণ্ড আৰু পশ্চিম বংগৰ । আহত 36 গৰাকী শ্ৰমিকৰ 14 গৰাকী গুৰুতৰভাৱে আহত হয় । তেঁওলোকক চাইফাইৰ পিজিআই হাস্পতালত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক-অসমৰ পুনৰ তিনিজন আক্ৰান্ত কৰ'ণা ভাইৰাছত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.