নিউজ ডেস্ক, 2 জুলাইঃ বহস্পতিবাৰে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত 2373 গৰাকী লোকৰ দেহত ধৰা পৰে COVID-19 ৰ অৱস্থিতি । ইয়াৰ লগে-লগে দিল্লীত আক্ৰান্তৰ সংখ্যাই বৃদ্ধি পাই হৈছে 92,000 হাজাৰ । বৰ্তমনলৈ দিল্লীত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 92,175 গৰাকী ।
বৰ্তমানলৈ মুম্বাইৰ পাচত দিল্লীয়েই কৰ'ণাত অধিক ক্ষতিগ্ৰস্ত হৈছে । বিগত 24 ঘন্টাত দিল্লীত এই মহামাৰীত মৃত্যু হৈছে 61 গৰাকী লোকৰ । ইয়াৰ ফলত দিল্লীত বৰ্তমানে COVID-19 ত মৃত্যু হোৱা লোকৰ সংখ্যা 2803 লৈ বৃদ্ধি পাইছে ।
উল্লেখ্য যে, যোৱা 23 জুনত দিল্লীত এদিনতে ধৰা পৰিছিল 3,947 গৰাকীৰ দেহত COVID-19 ৰ অৱস্থিতি ৷ দিল্লীত সেইটো এদিনত ধৰা পৰা ৰোগীৰ সৰ্বাধিক সংখ্যা আছিল ।
লগতে চাওক-সুশান্ত সিঙৰ আত্মহত্যাক কেন্দ্ৰ কৰি সঞ্জয় লীলা ভাঞ্চালীলৈ চমন