নেশ্য়নেলডেস্ক, 30 অক্টোবৰ: প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাট ভ্ৰমণৰ আগে আগে নিৰাপত্তাৰক্ষী সকলৰ ক'ভিড-19 পৰীক্ষা সম্পন্ন কৰা হয় ৷ তাৰ ভিতৰত 23 গৰাকী নিৰাপত্তাৰক্ষী দেহত ক'ভিড-19ৰ উপস্থিতি ধৰা পৰে ৷ তেওঁলোকক নৰ্মদা জিলাৰ ক'ভিড-19 কেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷ শুকুৰবাৰ আৰু শনিবাৰে নৰ্মদা জিলাৰ কেভাদিয়া গাৱৰ নিকটতম অঞ্চলৰ স্মৃতি সৌধসমূহ পৰিদৰ্শন কৰাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিভিন্ন স্থানত প্ৰায় 5000ত কৈয়ো অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে ৷
মোদীয়ে শুকুৰবাৰৰ পৰা দুদিনীয়া গুজৰাট ভ্ৰমণৰ উদ্দেশ্যে কেভাদিয়াত উপস্থিত হয় ৷ শণিবাৰৰ দুপৰীয়ালৈকে কেভাদিয়াতেই থাকিব ৷ নৰ্মদা জিলা অধিকাৰীৰ তৰফৰ পৰা এক বিজ্ঞাপ্তিযোগে কোৱা হৈছে যে,একতা দিৱস উপলক্ষে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঠাইখনলৈ মোতায়েন কৰা নিৰাপত্তাৰক্ষী সকলৰ বাবে বিশেষ ভাৱে পৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ ইয়াৰে 3651 জনৰ পৰীক্ষা কৰাত তাৰ ভিতৰত 23 গৰাকীৰ দেহত ক'ভিড-19ৰ উপস্থিতি ধৰা পৰে ৷ ইফালে 27 অক্টোবৰত চৰ্দাৰ পেটেলৰ স্মৃতি সৌধ পৰিদৰ্শনৰ সময়তো 5 গৰাকী নিৰাপত্তাৰক্ষীৰ দেহত ধৰা পৰিছিল ক'ভিড-19ৰ উপস্থিতি ৷
লগতে পঢ়ক: মণিপুৰত আৰক্ষীৰ অভিযানত 435 কেজি ব্ৰাউন চুগাৰ জব্দ