ETV Bharat / bharat

উত্তৰ-পূবতো পৰিব পাৰে 'ফনী'ৰ প্ৰভাৱ

কাল ধুমুহা ‘ফনী’ৰ আতংকঃ ওড়িশাত 223 খন ৰে’ল বাতিল, বন্ধ থাকিব কলকাতাৰ নেতাজী সুভাস চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰো ৷

author img

By

Published : May 3, 2019, 2:32 AM IST

উত্তৰ পূৰ্বাঞ্চলক চুই যাব পাৰে ‘ফনী’-য়ে!

কলিকতা, 3 মে': দেশৰ কেইবাখনো ৰাজ্যত এতিয়া আতংকময় পৰিস্থিতি ৷ ঘূৰ্ণীবতাহ ফনীৰ সম্ভাৱনাই চিন্তিত কৰিছে কেইবাখনো ৰাজ্যৰ বাসিন্দাসকলক ৷ অসমৰ চুবুৰীয়া ৰাজ্য ওড়িশাত তিনি মে'ত কাল ধুমুহা ‘ফনী’ৰ গতিবেগ বৃদ্ধি হোৱাৰ সম্ভাৱনাৰ বাবে কলকাতা-চেন্নাই অভিমুখে চলাচল কৰা 223 খন ৰে’ল বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷ বাতিল কৰা ৰে’ল সমূহৰ ভিতৰত 140 খন এক্সপ্ৰেছ ৰে’ল আৰু 83 খন যাত্ৰীবাহী ৰে’ল ৷

আনহাতে, ঘূৰ্ণীবতাহ ফনীৰ বাবে শুকুৰবাৰ নিশা 3 টাৰ পৰা শনিবাৰে পূৱা 6 বজালৈ বন্ধ থাকিব কলকাতাৰ নেতাজী সুভাস চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰো ৷ ঘূৰ্ণীবতাহৰ ফলত ভুৱনেশ্বৰ বিমানবন্দৰতো বিমান চলাচল 24 ঘন্টাৰ বাবে বন্ধ থাকিব ৷

পাঁচ মে’ত বিশেষকৈ পশ্চিমবংগ আৰু ওড়িশাত ‘ফনী’ৰ অধিক প্ৰভাৱ পৰাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । উত্তৰ–পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ আৰু মেঘালয়কো ফনীয়ে চুই যাব পৰাৰ সম্ভাৱনা আছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.