নেশ্যনেল ডেস্ক, 20 মাৰ্চঃ দেশত অব্যাহত আছে জঘণ্য ধৰ্ষণ কাণ্ড ৷ এমাহ পূৰ্বে উত্তৰ প্ৰদেশৰ মুজাফৰনগৰত নিজ বাসগৃহতে ধৰ্ষণৰ বলি হৈছিল এগৰাকী 22 বছৰীয়া যুৱতী ৷ আৰক্ষীয়ে জনোৱা মতে, 22 বছৰীয়া যুৱতীগৰাকীক ধৰ্ষণ কৰি পলাতক অৱস্থাত থকা ধৰ্ষণকাৰীটোৰ বিৰুদ্ধে বৃহস্পতিবাৰে আৰক্ষী থানাত এক গোচৰ ৰুজু হয় ৷ যুৱতীগৰাকীৰ দেউতাকে ৰুজু কৰা গোচৰ অনুসৰি, যুৱতীগৰাকী অকলে ঘৰত থকা অৱস্থাত তেওঁলোকৰ ঘৰৰ ওচৰৰে যুৱকে এই ধৰ্ষণ কাণ্ড সংঘটিত কৰে ৷
যুৱতীগৰাকীয়ে সম্পূৰ্ণ এমাহৰ পিছত পৰিয়ালক এই কথা অৱগত কৰে, কিয়নো ধৰ্ষণকাৰী যুৱকজনে যুৱতীগৰাকীক কঠোৰ ধমকি দি আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়কঃ নিৰ্ভয়া কাণ্ডঃফাঁচিৰ পূৰ্বে কি কৰিছিল চাৰি অপৰাধীয়ে !