ETV Bharat / bharat

২০২০ দেশৰ ৮ম সৰ্বাধিক গৰম বৰ্ষ

চি.এচ.আৰে প্ৰকাশ কৰিলে ভাৰতৰ ২০২০ চনটোৰ জলবায়ুৰ ফলাফলৰ তথ্য় । বিভাগটোৱে জনোৱা মতে ২০২০ চনটো হ'ল ৮ম সৰ্বাধিক গৰম বছৰ ।

author img

By

Published : Jan 5, 2021, 2:25 PM IST

২০২০ চন দেশৰ ৮ম সৰ্বাধিক গৰম বছৰ
২০২০ চন দেশৰ ৮ম সৰ্বাধিক গৰম বছৰ

নিউজ ডেস্ক , ৫ জানুৱাৰী : ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ জলবায়ু অনুসন্ধান আৰু সেৱা (চিএচআৰ)য়ে প্ৰকাশ কৰিলে ২০২০ চনৰ বছৰটোৰ জলবায়ুৰ ফলাফলৰ তথ্য় । ২০২০ চনৰ ভাৰতৰ জলবায়ু সন্দৰ্ভত এক বিজ্ঞত্তি যোগে বিভাগটোৱে জনোৱা মতে ১৯০১ চনৰ পিছত ২০২০ চনটো হল ৮ম সৰ্বাধিক গৰম বছৰ । তথ্য় অনুসৰি ১৯৮১ ৰ পৰা ২০১০ চনলৈ স্থলভাগৰ গড় তাপমাত্ৰাতকৈ ২০২০ চনত গড় তাপমাত্ৰা ০.২৯ ডিগ্ৰী ছেলছিয়াছ অধিক আছিল । যাৰ বাবে এই চনটো সৰ্বাধিক গৰম বৰ্ষৰ ভিতৰত ধৰা হৈছে ।

উল্লেখ যে চি.এচ.আৰৰ তথ্য় অনুসৰি ৫টা সৰ্বাধিক বছৰ আছিল ক্ৰমে ২০১৬ (+০.৭১ ডিগ্ৰী ছেলছিয়াছ) , ২০০৯ (+০.৫৫ ডিগ্ৰী ছেলছিয়াছ ), ২০১৭ (+০.৫৪১ ডিগ্ৰী ছেলছিয়াছ ) , ২০১০ (+০.৫৩৯ ডিগ্ৰী ছেলছিয়াছ) আৰু ২০১৫( +০.৪২ ডিগ্ৰী ছেলছিয়াছ ) । ইয়াৰ তথ্য়ৰ পৰা এটা কথা স্পষ্ট যে, বিগত ১৫টা সৰ্বাধিক গৰম বছৰৰ ১২ টা বৰ্ষ হৈছে ২০০৬ ৰ পৰা ২০২০ চনৰ ভিতৰত ।

তথ্য় অনুসৰি বিগত কেইবাটাও দশকৰ পিছত ২০২০ চনত বৰ্ষা ঋতুক বাদ দি দেশৰ বাৰ্ষিক তাপমাত্ৰা ইয়াৰ গড় তাপমাত্ৰাতকৈ বেছি আছিল । আনফালে বছৰটোৰ মাৰ্চ আৰু জুন মাহক বাদ দি মাহিলী গড় তাপমাত্ৰাও আন কেইটা মাহত পূৰ্বতকৈ বেছি আছিল । ১৯০১ চনৰ পিছত বিগত বছৰৰ চেপ্তেম্বৰ মাহত সৰ্বাধিক গৰম আছিল । লগতে গৰমৰ ফালৰ পৰা আগষ্ট মাহ দ্বিতীয় স্থানত, অক্টোবৰ মাহ তৃতীয় স্থানত, জুলাই পঞ্চম আৰু ডিচেম্বৰ মাহ সপ্তম স্থানত আছিল । বছৰটোত বাৰ্ষিক বৃষ্টিপাত আছিল ১১৭.৭ চেন্টিমিটাৰ । তথ্য় অনুসৰি দেশজুৰি জুন মাহৰ পৰা চেপ্তেম্বৰ মাহৰ ভিতৰত সাধাৰণ বৃষ্টিপাততকৈ কিছু বেছি আছিল বৃষ্টিপাতৰ পৰিমাণ ।

২০২০ চনত দাক্ষিণাত্য়ৰ ভাৰত মহাসাগৰত আম্ফান ঘূৰ্ণীবতাহ , ভয়ংকৰ নিবাৰ, গেটি , নিসৰ্গ আৰু বুৰেভি নামৰ ৫টাকৈ ভিন্ন প্ৰকাৰৰ ভয়াবহ ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে । লগতে বিগত বছৰটোত দেশখনত প্ৰচণ্ড ধুমুহা ,বানপানী, প্ৰবল বৃষ্টিপাত, প্ৰচণ্ড শীত আদিও ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক :মুৰলী মনোহৰ যোশীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.