নিউজ ডেস্ক, 29 ছেপ্তেম্বৰঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে 2013 চনত ঝিৰাম ঘাটিত সংঘটিত হোৱা নক্সালৰ আক্ৰমণ সন্দৰ্ভত অতিৰিক্ত সাক্ষীসকলৰ পৰীক্ষা নকৰাৰ বিচাৰ বিভাগীয় আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে ছত্তিশগড় চৰকাৰে কৰা আবেদনখন খাৰিজ কৰিছে ৷ এই আক্ৰমণৰ ঘটনাৰ তদন্তৰ বাবে এখন তদন্ত আয়োগ গঠন কৰা হৈছিল । এই ভয়ংকৰ আক্ৰমণৰ ঘটনাত ছত্তিশগড়ৰ ৰাজ্যিক কংগ্ৰেছৰ নেতাসহ 29জন লোক নিহত হৈছিল ৷
ন্যায়াধীশ অশোক ভূষণৰ নেতৃত্বাধীন এখন বিচাৰপীঠে সমগ্ৰ গোচৰটো পৰ্যবেক্ষণ কৰাৰ লগতে ৰাজ্য চৰকাৰে যাতে তদন্ত আয়োগৰ ম্যাদ বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ৷ ন্যায়াধীশ আৰ এছ ৰেড্ডী আৰু ন্যায়াধীশ এম আৰ শ্বাহক লৈ গঠিত বিচাৰপীঠখনে কয় যে, 'আপুনি বিচাৰিছিল যে, বিশেষজ্ঞ কমিটীয়ে সাক্ষীৰ পুনৰীক্ষণ কৰক কিন্তু আমি এই কথাত ৰাজি নহয়, সেয়ে আমি আয়োগৰ সকলো কাম কাজ বন্ধ কৰি দিছো' ৷
উল্লেখ্য যে, ৰাজ্য চৰকাৰে ছত্তিশগড়ৰ উচ্চ ন্যায়ালয়ত এই ঘটনা সম্পৰ্কত অতিৰিক্ত সাক্ষীসকলৰ তদন্তৰ বাবে বিশেষ ন্যায়াধীশৰ আদালতে তদন্ত আয়োগৰ ম্যাদ কৰিব নোৱাৰিব বুলি দিয়া শুনানিৰ বিৰুদ্ধে এখন আবেদন দাখিল কৰিছিল ৷
2013 চনৰ 25 মে'ত ছত্তিশগড়ৰ বষ্টৰ জিলাৰ দৰভা অঞ্চলৰ ঝিৰাম উপত্যকাত নক্সালবাদীয়ে কংগ্ৰেছৰ নেতাসকলৰ এটা দলৰ ওপৰত জংঘলৰ মাজত অতৰ্কিতে আক্ৰমণ কৰে । নক্সালবাদীয়ে তদানীন্তন কংগ্ৰেছৰ সভাপতি নন্দ কুমাৰ পাটিল, বিৰোধী দলৰ দলপতি মহেন্দ্ৰ কৰ্মা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিদ্যাচৰণ শুক্লাসহ 29 জন লোকক হত্যা কৰিছিল ৷
লগতে পঢ়ক : হৃদৰোগৰ বলি হৈ এমাহত মৃত্যু ছগৰাকী স্থলসেনা বিষয়াৰ