ETV Bharat / bharat

তচনচ হোৱাৰ পথত বিজেপিৰ উত্তৰ-পূৱ দখলৰ স্বপ্ন - এন পি পি

এন পি পিত যোগদান অৰুণাচলৰ দুগৰাকী মন্ত্ৰীৰ লগতে 12 গৰাকীকৈ বিধায়কৰ

এন পি পিত যোগদান অৰুণাচলৰ দুই মন্ত্ৰীৰ লগতে 12 গৰাকীকৈ বিধায়কৰ
author img

By

Published : Mar 20, 2019, 4:40 PM IST

অৰুণাচল, 20 মাৰ্চ : অৰুণাচল প্ৰদেশৰ ৰাজনীতিত ধুমুহা ! লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত অৰুণাচলত খহিছে বিজেপিৰ দুৰ্গ ৷ মঙলবাৰে সন্ধিয়া বিজেপি এৰি আঞ্চলিক দল এন পি পিত সমূহীয়া যোগদান ৰাজ্যখনৰ দুগৰাকীকৈ মন্ত্ৰীৰ লগতে 12গৰাকীকৈ বিধায়কৰ ৷ এন পি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক থমাছ চাংমাৰ উপস্থিতিত দলটোত যোগ দিয়ে ৰাজ্যখনৰ বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক জাৰপুম গামলিনৰ লগতে মন্ত্ৰী-বিধায়ককেইগৰাকীয়ে ৷ ইপিনে 14 জনকৈ মন্ত্ৰী-বিধায়কে দলত্যাগ কৰাৰ পাচতে এতিয়া ৰাজ্যখনৰ 60 জনীয়া বিধানসভাত বিজেপিৰ আসনৰ অবনমিত হয় ৩৪ খনলৈ ৷আসন্ন লোকসভা নিৰ্বাচনৰ লগতে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত এনেদৰে এক বৃহৎ সংখ্যক বিজেপি নেতা তথা মন্ত্ৰী-বিধায়কে দলত্যাগ কৰাটো বিজেপিৰ বাবে মোক্ষম আঘাত বুলি বিবেচিত হোৱাৰ বিপৰীতে ইয়ে আঞ্চলিক দল এম পি পি লৈ আনিছে সুখবৰ৷

এন পি পিত যোগদান অৰুণাচলৰ দুই মন্ত্ৰীৰ লগতে 12 গৰাকীকৈ বিধায়কৰ

উল্লেখ্য যে, সোমবাৰে নিশাই জাৰপুম গামলিনৰ লগত বিজেপিৰ এটা ৭জনীয়া মন্ত্ৰী-বিধায়কৰ দল আহি গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত বাহৰ পাতি এন পি পিৰ মুৰব্বী কনৰাড চাংমাৰ সৈতে মিলিত হৈছিল কেইবাঘণ্টাজোৰা এক বৈঠকত ৷ তাৰ পাচতেই মঙলবাৰে অৰুণাচলৰ দুগৰাকী মন্ত্ৰীৰ লগতে 12 গৰাকীকৈ বিধায়কে যোগ দিয়ে এন পি পিত ৷

  অৰুণাচল প্ৰদেশৰ ৰাজনীতিত ধুমুহা !

নিৰ্বাচনৰ আগমুহূৰ্তত অৰুণাচলত জৰজৰকৈ খহিছে বিজেপিৰ দুৰ্গ; 
১৪জন মন্ত্ৰী-বিধায়কৰ দলত্যাগ

তচনচ হোৱাৰ পথত গেৰুৱা দল বিজেপিৰ উত্তৰ-পূব দখলৰ স্বপ্ন!

কুমাৰ ৱাই, জাৰকাৰ গামলিন আৰু জাৰপুম গামলিন। ফাইল ফটো।

তচনচ হোৱাৰ পথত গেৰুৱা দল বিজেপিৰ উত্তৰ-পূব দখলৰ স্বপ্ন। মঙলবাৰে সন্ধিয়া বিজেপি এৰি নেশ্যনেল পীপলছ পাৰ্টিত সমূহীয়াভাৱে যোগদান কৰিলে অৰুণাচল প্ৰদেশৰ দুজন মন্ত্ৰী আৰু ১২জনকৈ বিধায়কে। একেলগে এন পি পিত যোগ দিছে কালি টিকট নাপাই অসন্তুষ্ট হৈ দলটো ত্যাগ কৰা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক জাৰপুম গামলিনে।

ইটানগৰত মঙ্গলবাৰে  সন্ধিয়া এন পি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক থমাছ চাংমাৰ উপস্থিতিত দলটোত যোগ দিয়ে ৰাজ্যখনৰ জাৰপাম গামলিন আৰু মন্ত্ৰী-বিধায়ককেইজনে। এওঁলোকৰ ভিতৰত আছে ৰাজ্যখনৰ গৃহ মন্ত্ৰী কুমাৰ ৱাই আৰু পৰ্য্যটন মন্ত্ৰী জাৰকাৰ গামলিন।
এই প্ৰতিবেদকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কালি গেৰুৱা দলটো ত্যাগ কৰা জাৰপাম গামলিনে এই কথা প্ৰকাশ কৰিছে।

১৪জনকৈ মন্ত্ৰী-বিধায়কে দলত্যাগ কৰাৰ পিছত ৬০জনীয়া বিধানসভাত বিজেপিৰ শক্তি থাকিলগৈ (৪৮-১৪) ৩৪জন। ১৮জন বিধায়কেৰে এন পি পি হ’লগৈ দ্বিতীয় বৃহৎ দল। কংগ্ৰেছৰ ৬জন আৰু নিৰ্দলীয়ৰ আছে ২জন বিধায়ক।
ৰাজ্যখনৰ আগন্তুক বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত এইদৰে বৃহৎ সংখ্যক বিজেপি নেতা তথা মন্ত্ৰী-বিধায়কে দলত্যাগ কৰাটো বিজেপিৰ বাবে মোক্ষম আঘাত বুলি বিবেচিত হৈছে।
উল্লেখযোগ্য যে সোমবাৰে  নিশাই জাৰপুম গামলিনৰ লগত বিজেপিৰ এটা ৭জনীয়া মন্ত্ৰী-বিধায়কৰ দল আহি গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত বাহৰ পাতিছিল। নিশাই হোটেলখনত আহি উপস্থিত হৈছিল মেঘালয়ৰ মুখ্য মন্ত্ৰী তথা এন পি পিৰ মুৰব্বী কনৰাড চাংমা। চাংমাৰ সৈতে হোটেল তাজ ভিভাণ্টাত দলটোৰ কেইবাঘণ্টাজোৰা এক বৈঠকো অনুষ্ঠিত হৈছিল। 
সোমবাৰে  নিশাৰ বৈঠকৰ পাছত মঙ্জাগলবাৰে জাৰপুম গামলিন আৰু মন্ত্ৰী-বিধায়কৰ দলটো ইটানগৰলৈ উভতি যায়। পাছত তাত উপস্থিত হোৱা এন পি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক থমাচ চাংমাৰ উপস্থিতিত আজি এই বৃহৎ সংখ্যক বিজেপি মন্ত্ৰী-বিধায়কে এন পি পিত যোগ দিয়ে।

Pranab kumar Das
Tezpur.
20/3/19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.