নিউজ ডেস্ক, 2 জুনঃ মঙলবাৰে কাশ্মীৰৰ পলুৱামা জিলাত সন্ত্ৰাসবাদী-সেনাৰ মাজত হোৱা সংঘৰ্ষত নিহত হয় তিনি সন্ত্ৰাসবাদী । পুলুৱামাৰ ছাইম'হ জিলাত সেনা-আৰক্ষীয়ে চলোৱা অনুসন্ধান অভিযানৰ সময়ত এই সংঘৰ্ষৰ সৃষ্টি হয়। আৰক্ষীয়ে অৱগত কৰে এই কথা ।
ইটিভি ভাৰতৰ সৈতে কাশ্মীৰ আৰক্ষীৰ মহা পৰিদৰ্শক বিজয় কুমাৰে প্ৰকাশ কৰা অনুসৰি আৰক্ষীয়ে উক্ত অঞ্চলটোত সন্ত্ৰাসবাদী থকাৰ খবৰ লাভ কৰে । তাৰ পাচতেই আৰক্ষীয়ে সুৰক্ষা বাহিনীৰ সৈতে অঞ্চলটোত অনুসন্ধান অভিযান চলাই,য'ত সূত্ৰপাত হয় সংঘৰ্ষৰ। নিহত হোৱা সন্ত্ৰাসবাদী কেইজনৰ কোনো তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে। ঘটনাৰ পাচতে অঞ্চলটোত কৰ্তন কৰা হৈছে ইন্টাৰনেট ।
লগতে চাওকঃ কলিয়াবৰত প্ৰথমজন Covid 19 ত আক্ৰান্ত ৰোগী