নেশ্যনেল ডেস্ক, ২২ মে': পুৰকাজীত এগৰাকী ১৫ বছৰীয়া কিশোৰীক তিনিজন যুৱকে অপহৰণ কৰি বলাৎকাৰ কৰে । শুকুৰবাৰে এই বিষয়ে অৱগত কৰে এগৰাকী আৰক্ষী বিষয়াই ।
অভিযুক্ত কেইজনে কিশোৰীগৰাকীক তেওঁৰ ঘৰৰ পৰা এক আছুতীয়া স্থানলৈ নি এই অপৰাধ সংঘটিত কৰে । ষ্টেচন হাউচ বিষয়া সুভাষ গৌতমে প্ৰকাশ কৰে এই কথা ।
তেওঁ কয় যে, এই ঘটনা বৃহস্পতিবাৰে পোহৰলৈ আহে, যেতিয়া কিশোৰী গৰাকী ঘৰলৈ আহি নিজ পিতৃ-মাতৃৰ আগত সকলো কথা বিবৰি কয় ।
সুভাষ গৌতমে কয় যে, অভিযুক্ত কেইগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে এই অপৰাধৰ লগত সম্বন্ধিত কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে ।
ইয়াৰোপৰি আন এক ঘটনাত দুজন যুৱকে বৃহস্পতিবাৰে এগৰাকী ১৪ বৰ্ষীয় কিশোৰীক যৌন উৎপীড়ন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় ।