ETV Bharat / bharat

একেদিনাই বজ্ৰপাতত মৃত্যু 24 গৰাকীৰ - উত্তৰ প্ৰদেশত বজ্ৰপাত

বিগত জুন মাহত উত্তৰ প্ৰদেশত বজ্ৰপাতত মৃ্ত্যু হৈছিল প্ৰায় 24 গৰাকী লোকৰ ৷ মৃতকৰ পৰিয়াললৈ 4 লাখ টকাকৈ ক্ষতিপূৰণ আগবঢ়াইছে যোগী আদিত্য নাথ চৰকাৰে ৷

13 killed in separate incidents of lightning strike in UP
একেদিনাই বজ্ৰপাতত মৃত্যু 24 গৰাকীৰ
author img

By

Published : Sep 16, 2020, 8:10 AM IST

নেশ্বনেল ডেক্স, 16 ছেপ্তেম্বৰঃ উত্তৰ প্ৰদেশত বতাহ বৰষুণৰ লগতে হোৱা বজ্ৰপাতৰ কেইবাটাও পৃথক ঘটনাত মৃত্যু হৈছে 13 গৰাকী লোকৰ ৷

"বুধবাৰে ৰাজ্যখনত হোৱা বজ্ৰপাতৰ ঘটনাত গাজীপুৰত চাৰি গৰাকী, কাচম্বিত তিনিগৰাকীৰ, কুচি নগৰ আৰু চিত্ৰকূটত দুগৰাকীকৈ, যোনপুৰ আৰু চান্দাউলিত এগৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য সদৰি কৰে ৰিলিফ কমিচনাৰ সঞ্জয় গোৱেলে ৷

ঘটনা সন্দৰ্ভত ইতিমধ্যে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে সংশ্লিষ্ট জিলাৰ উপায়ুক্তক 4 লাখকৈ টকা প্ৰতিগৰাকী নিহতৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে আদায় দিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷

লগতে পঢ়কঃ জম্মু-কাশ্মীৰত পাকিস্তানৰ গুলীবৰ্ষণত আহত তিনি সেনা জোৱান

শেহতীয়া বানত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰি, চিতাপুৰ আৰু আজমগড় জিলাৰ মুঠ 28 খন গাঁও ক্ষতিগ্ৰস্ত হোৱাৰ কথাও জানিবলৈ দিয়ে ৰিলিফ আয়ুক্ত সঞ্জয় গোৱেলে ৷

মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে বজ্ৰপাতৰ ফলত প্ৰাণ হেৰুৱওৱা লোক সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি আঘাতপ্ৰাপ্ত সকলৰ উচিত চিকিৎসাৰ বাবে সকলো ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট জিলা প্ৰশাসনক নিৰ্দেশ জাৰি কৰিছে ৷

উল্লেখ্য যে, বিগত জুন মাহত উত্তৰ প্ৰদেশত বজ্ৰপাতত মৃ্ত্যু হৈছিল প্ৰায় 24 গৰাকী লোকৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.