ETV Bharat / bharat

ভাৰতত নতুনকৈ ১২,৬৮৯ জন COVID-১৯ আক্ৰান্ত

author img

By

Published : Jan 27, 2021, 5:09 PM IST

ভাৰতত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া অব্যাহত থকাৰ সমান্তৰালকৈ নিতৌ হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে মহামাৰীত । বুধবাৰে দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,০৬,৮৯,৫২৭ জনলৈ বৃদ্ধি । নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছে ১২,৬৮৯ জন লোক ।

ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ১,০৬,৮৯,৫২৭ জনলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক, ২৭ জানুৱাৰী: কৰ'ণা মহামাৰীৰ বিভীষিকা এতিয়াও অন্ত পৰা নাই । ভাৰতত মাত্ৰ এটা দিনতে COVID-১৯ত ১২,৬৮৯ জন আক্ৰান্ত হৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমানলৈকে দেশত ১,০৬,৮৯,৫২৭ জন লোক মহামাৰীৰ কবলত পৰাৰ বিপৰীতে ১,০৩,৫৯,৩০৫ জন আৰোগ্য হৈ উঠিছে ।

এই পৰিসংখ্যাৰে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৬.৯১ শতাংশলৈ বৃদ্ধি হৈছে । আনহাতে, নতুনকৈ ১৩৭ জন লোকৰ মৃত্যু হৈছে । এতিয়ালৈকে দেশত ১,৫৩,৭২৪ জন লোকে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে । ভাৰতত মহামাৰীত আক্ৰান্তৰ মৃত্যুৰ হাৰ ১.৪৪ শতাংশ হৈছেগৈ ।

বৰ্তমান দেশত ১,৭৬,৪৯৮টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৬ জানুৱাৰীলৈকে ১৯,৩৬,১৩,১২০টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে । মঙলবাৰে ৫,৫০,৪২৬ জন লোকৰ নমুনা পৰীক্ষা কৰা হয় ।

লগতে পঢ়ক:পুনৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে সৌৰৱ গাংগুলীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.