ETV Bharat / bharat

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি - 11 বজাৰ দহটা শীৰ্ষ বাতৰি

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি...

11 বজাৰ দহটা শীৰ্ষ বাতৰি
11 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Oct 27, 2020, 10:58 AM IST

আৰ্মি কামাণ্ডাৰ কনফাৰেন্স সম্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

নতুন দিল্লীস্থিত সেনা মুখ্যালয়ত 26 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া স্থলসেনাৰ কামাণ্ডাৰ বৈঠকত আজি অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ বছৰত দুবাৰকৈ অনুষ্ঠিত হোৱা এই বৈঠকত সেনাৰ গুৰুত্বপূৰ্ণ আঁচনিসমূহ সন্দৰ্ভত আলোচনা কৰা হয় ৷

মঙলবাৰে হ'ব ভাৰত-আমেৰিকাৰ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনা

ভাৰত আৰু আমেৰিকাই শেষৰখন গাঁথনিগত চুক্তি, জিঅ'-স্পাটিয়েল কৰ্পৰেশ্বনৰ বুনিয়াদী বিনিময় আৰু সহযোগী চুক্তিত স্বাক্ষৰ কৰিব ৷ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনাত এই চুক্তিত স্বাক্ষৰ কৰিব দুয়োখন দেশে ৷ আলোচনাত অংশগ্ৰহণ কৰিব আমেৰিকাৰ গৃহ সচিব মাইক পম্পিঅ', প্ৰতিৰক্ষা সচিব মাৰ্ক ইস্পাৰ আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

মিঞা সংগ্ৰহালয় সন্দৰ্ভত হিমন্ত বিশ্বৰ শৰ্মাৰ প্ৰতিক্ৰিয়া

কোনো কাৰণতে কলাক্ষেত্ৰত স্থাপন কৰা নহয় মিঞা সংগ্ৰহালয় । ফাইলতে আবদ্ধ থাকিব সংসদীয় সমিতিৰ প্ৰতিবেদন । কাগজতে সীমাবদ্ধ থাকিব মিঞা সংগ্ৰহালয় নিৰ্মাণৰ প্ৰস্তাৱ । কামৰূপৰ চাংসাৰিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোনচাতে নাকচ কৰিলে শংকৰদেৱ কলাক্ষেত্ৰত চৰ চাপৰিৰ সংগ্ৰহালয় নিৰ্মাণৰ কথা ।

ডিব্ৰুগড়ত বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ

বিজয়া দশমীৰ দিনাও জিলাখনৰ আৱকাৰী বিভাগে চাবুৱাৰ আমগুৰি এলেকাত আৰক্ষীৰ সহযোগত অভিযান চলাই ১১০ কিলোগ্ৰাম লালিগুড় জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে ইয়াৰ বিৰুদ্ধে চাবুৱা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে আৱকাৰী বিভাগে । এই কথা সদৰি কৰিলে চাবুৱা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীয়ে ৷

মতবিৰোধক ইচ্ছাকৃতভাৱে সন্ত্ৰাসবাদ হিচাপে দমন কৰা হৈছে : ছোনিয়া

বিহাৰ বিধানসভা নিৰ্বাচনৰ আগে আগে মোডী চৰকাৰক কটুক্তি কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীৰ ৷ ছোনিয়াই অভিযোগ কৰে যে গণতন্ত্ৰৰ সকলো স্তম্ভকে আক্ৰমণ কৰা হৈছে ৷ ভাৰতৰ অৰ্থনীতি যথেষ্ট সংকটত বুলিও তেওঁ অভিযোগ কৰে ৷

মিঞা মিউজিয়াম প্ৰসংগঃ শ্রীশ্রী নৰসিংহ সত্রৰ ডেকা সত্ৰীয়াৰ প্রতিক্রিয়া

কংগ্ৰেছী বিধায়ক শ্বেৰমান আলিয়ে শংকৰদেৱ কলাক্ষেত্রত মিঞা মিউজিয়াম হ'ব লাগে কোৱা মন্তব্যৰ বিৰুদ্ধে প্রতিক্রিয়া প্ৰকাশ কৰিলে শ্রী শ্রী নৰসিংহ সত্রৰ ডেকা সত্ৰীয়া গৰাকীয়েও ৷

খুমটাইত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱক

খুমটাইৰ ৰঢ়লাপথাৰত সংঘটিত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন যুৱক ৷ যুৱক দুজনক গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

শিল্পীৰ তুলিকাত জিলিকিল অৰণ্য মানৱ যাদৱ পায়েং

ধেমাজিৰ এজন যুৱকে বগীবিল দলঙৰ তলত যাদৱ পায়েঙৰ প্ৰতিচ্ছবি অংকণ কৰিলে ৷ ইয়াৰ পাছতে বগীবিল দলঙত যাদৱ পায়েঙৰ অনুৰাগীৰ ভিৰ ৷

পুনৰ একেখন পৰ্দাত এলনাজ নৰৌজী আৰু নাৱাজ উদ্দিন চিদ্দিকি

জয়দ্বীপ চোপ্ৰাৰ আহিব লগা ছবি সংগীনত একেলগে দেখা যাব নাৱাজ উদ্দিন চিদ্দিকি আৰু এলনাজ নৰৌজীক ৷ ছবিখনক ব্যতিক্ৰমী আখ্যা দি চিদ্দিকিয়ে কয় যে ছবিখনৰ মননশীল চৰিত্ৰটো ৰূপায়নৰ বাবে তেওঁ যথেষ্ট আগ্ৰহী হৈ আছে ৷

অন্তিম শয়নত ধৰ্মপুৰ সমষ্টিৰ প্ৰবীন বিজেপি নেতা আব্দুল চুভান

প্ৰবীন বিজেপি নেতা আব্দুল চুভানৰ শেষ নিশ্বাস ত্যাগ ৷ সোমবাৰে দুপৰীয়া প্ৰবীন বিজেপি নেতা তথা ৰাজ্য চৰকাৰৰ সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ সঞ্চালক গৰাকীৰ জানাজা সম্পন্ন হয় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিভিন্নজনৰ শোক প্ৰকাশ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.