নিউজ ডেস্ক, ১৩ আগষ্ট: তৃণমূল কংগ্ৰেছৰ নেত্ৰী আয়েশা বিবিৰ পুত্ৰ সন্তান ওমাৰ ফাৰুকৰ মৃতদেহ উদ্ধাৰ । পশ্চিম বংগৰ মালডা জিলাৰ আমলিতলা গাঁৱত অৱস্থিত নেত্ৰী গৰাকীৰ ঘৰৰ পৰা পৰা প্ৰায় দুই কিল'মিটাৰ নিলগৰ প্ৰতাপপুল অঞ্চলত এখন পথাৰত উদ্ধাৰ কৰা ওমাৰৰ মৃতদেহটো ।
আমলিতলা গাঁৱত অৱস্থিত ঘৰৰ চৌহদত সমনীয়াৰে মবাইলত চাটিং কৰি থকাৰ অৱস্থাতে কোনো অজ্ঞাত লোকে অপহৰণ কৰিছিল ওমাৰ ফাৰুকক ।
মৃতদেহটো উদ্ধাৰৰ পিছতে অঞ্চলটোত সৃষ্টি হৈছে চেপা উত্তেজনা । স্থানীয় লোকৰ মতে, অপহৰণ কাণ্ডৰ পিছত অপহৰণকাৰীক আটকৰ ক্ষেত্ৰত আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবেই ওমৰে মৃত্যুক সাৱতি ল'ব লগা হ'ল । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দুজন লোকক সোধ-পোছৰ বাবে আটক কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ।