ETV Bharat / bharat

ৰাইচুৰ ফেক্টৰীত ৰাসায়নিক গেছ নিৰ্গমনত প্ৰাণ হেৰুৱালে এজনে

কৰ্ণাটকৰ ৰাইচুৰৰ ফেক্টৰীত CPP ৰ লোডিঙৰ বাবে গেছ নিৰ্গমন ৷ ঘটনাৰ ফলত এজনে প্ৰাণ হেৰুওৱাৰ লগতে তিনিজন চিকিৎসাধীন হয় ৷

author img

By

Published : Oct 22, 2020, 9:39 AM IST

প্ৰাণ হেৰুৱালে এজনে
ৰাইচুৰ ফেক্টৰীত ৰাসায়নিক গেছ নিৰ্গমন

নেশ্যনেল ডেস্ক, 22 অক্টোবৰ : কৰ্ণাটকৰ ৰাইচুৰৰ বাডাল্লুৰু গাঁৱত বুধবাৰে এটা ফেক্টৰীত ৰাসায়নিক গেছ নিৰ্গমনৰ ফলত এজন লোক নিহত হোৱাৰ লগতে চিকিৎসাধীন হয় তিনিজনকৈ লোক ৷

সূত্ৰ অনুসৰি, মঙলবাৰে নিশা ফেক্টৰীৰ গৱেষণাগাৰত CPP নামৰ ৰাসায়নিক গেছ লোডিং কৰাৰ সময়তে এই ঘটনা সংঘটিত হয় ৷ ইয়াৰ ফলত তেলেংগানাৰ লিংগামাপল্লীৰ লক্ষ্মন নামৰ এজন 28 বৰ্ষীয় লোকৰ মৃত্যু হয় ৷

আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ইন্দপুৰৰ অৰবিন্দ (24) নামৰ এজন যুৱকক ৷ গেছ নিৰ্গমনৰ ফলত আক্ৰান্ত হৈছিল দেৱাচুগুৰুৰ অনিল (25) আৰু চিক্কাচুগুৰুৰ মাৰুফ (22) নামৰ দুই যুৱক ৷

অনিল আৰু মাৰুফক ইতিমধ্যে চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷ ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে আৰক্ষী থানাত কোনো গোচৰ ৰুজু হোৱা নাই বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : পিয়াজৰ আকাশলংঘী মূল্য হ্ৰাসৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.