ETV Bharat / bharat

Bharat Jodo Yatra in JK : প্ৰথমবাৰৰ বাবে ভাৰত জোড়ো যাত্ৰাত জেকেট পৰিধান ৰাহুলৰ - Rahul Gandhi Bharat Jodo Yatra

ৰাহুল গান্ধীৰ ভাৰত যাত্ৰাই গৈ জম্মু-কাশ্মীৰত উপনীত হৈছে (Bharat Jodo Yatra in Jammu and Kashmir) । জম্মু-কাশ্মীৰৰ কাঠুৱাত ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰাৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে শীতকালীন জেকেট পৰিধান কৰা দেখা গৈছে । কন্যাকুমাৰীৰ পৰা ৰাহুল গান্ধীয়ে পদযাত্ৰা আৰম্ভ কৰাৰ পিছত এই প্ৰথমবাৰৰ বাবে তেওঁক জেকেট পৰিধান কৰা দেখা গ'ল ।

Rahul Gandhi
Rahul Gandhi
author img

By

Published : Jan 20, 2023, 12:40 PM IST

নিউজ ডেস্ক, ২০ জানুৱাৰী : শুকুৰবাৰে পুৱা জম্মু-কাশ্মীৰৰ কাঠুৱাৰ পৰা পুনৰ আৰম্ভ হৈছে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra in Jammu and Kashmir) । এইবাৰ যাত্ৰাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক শীতকালীন জেকেট পিন্ধা দেখা গৈছে । উল্লেখযোগ্য যে শুকুৰবাৰৰ আগলৈকে ৰাহুল গান্ধীক গোটেই পদযাত্ৰাৰ সময়ছোৱাত কেৱল এটা বগা টি-শ্বাৰ্ট পৰিধান কৰা দেখা গৈছিল । তেওঁ কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাত টি-শ্বাৰ্ট পৰিধান কৰিয়েই অংশগ্ৰহণ কৰা দেখা গৈছিল (Rahul foot march from Kanyakumari to Kashmir) ।

ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা এই পদযাত্ৰাটোৱে ১২৫ নম্বৰ দিনত প্ৰৱেশ কৰিছে (125th day of Bharat Jodo Yatra) । ইফালে শিৱসেনাৰ (উদ্ধৱ থাকৰে) নেতা সঞ্জয় ৰাউতে স্থানীয় নেতাসকলৰ সৈতে ৰাহুল গান্ধীৰ সৈতে পদযাত্ৰাত যোগদান কৰিছে । এই পদযাত্ৰাই বৃহস্পতিবাৰে জম্মু আৰু কাশ্মীৰত প্ৰৱেশ কৰে । ৰাহুল গান্ধীয়ে কাশ্মীৰ উপত্যকাত ত্ৰিৰংগ উত্তোলন কৰাৰ লগে লগে ২৬ জানুৱাৰীত এই যাত্ৰাৰ সমাপ্ত হ'ব বুলি আশা কৰা হৈছে (Rahul hoisting tricolor in JK on 26th January) ।

আনহাতে, কেন্দ্ৰীয় শাসিত অঞ্চলটোত প্ৰৱেশ কৰাৰ লগে লগে ৰাহুল গান্ধীক লাখনপুৰত জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু নেচনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লাই আদৰণি জনায় । তেওঁৰ আগমনৰ সময়ত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয়, "আজি মই ঘৰলৈ আহিছোঁ, কাৰণ মোৰ পৰিয়াল জম্মু-কাশ্মীৰৰ ।"

"মই ইয়াত মানুহে ভোগ কৰা বেদনা বুজি পাইছোঁ আৰু মই আপোনালোকৰ দুখ ভাগ-বতৰা কৰিবলৈ আহিছোঁ । ৰাহুলে লগতে কয় । তেওঁ আৰু কয় যে ভাৰত জোড়ো যাত্ৰাৰ উদ্দেশ্য হৈছে প্ৰেম আৰু সহানুভূতি বিয়পোৱা । আনহাতে, ভাষণ প্ৰসংগত ফাৰুক আব্দুল্লাই শংকৰাচাৰ্য আৰু ৰাহুল গান্ধীৰ মাজত এক তুলনামূলক বক্তব্য আগবঢ়ায় ।

"বহু বছৰ আগতে শংকৰাচাৰ্যই কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাত্ৰা কৰিছিল । আৰু আজি আপুনি এইটো কৰি আছে ।" সাংসদজনে কয় । তেওঁ কয় যে আজিৰ ভাৰত তাহানিৰ ৰামৰ ভাৰত বা গান্ধীৰ হিন্দুস্তান নহয় । কাৰণ মানুহ ধৰ্মৰ ভিত্তিত বিভক্ত হৈ পৰিছে । "যদি আমি একেলগে থাকোঁ, তেন্তে আমি বৰ্তমানৰ ঘৃণা দূৰ কৰিবলৈ সক্ষম হ'ম ।" নেচনেল কনফাৰেন্সৰ মুৰব্বীগৰাকীয়ে লগতে কয় ।

উল্লেখ্য, ইয়াৰ পূৰ্বে যোৱা ৩ জানুৱাৰীত নেচনেল কনফাৰেন্সৰ সভাপতি তথা সংসদ সদস্য ফাৰুক আব্দুল্লাই উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীৰ সৈতে যোগদান কৰিছিল (Farooq Abdullah joins Bharat Jodo Yatra) । উল্লেখ্য, ফাৰুক আব্দুল্লা হৈছে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত যোগদান কৰা জম্মু আৰু কাশ্মীৰৰ প্ৰথমগৰাকী ৰাজনৈতিক নেতা (Rahul Gandhi Bharat Jodo Yatra) । এই ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীৰ উপৰি তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধীও আছিল (Priyanka Gandhi in Bharat Jodo Yatra) । আনহাতে, ফাৰুক আব্দুল্লাৰ উপৰি পিডিপিৰ সভাপতি মেহবুবা মুফতি (PDP President Mehboob Mufti) আৰু নেচনেল কনফাৰেন্সৰ (National Conference) উপ-সভাপতি ওমৰ আব্দুল্লায়ো জম্মু-কাশ্মীৰত এই যাত্ৰাত অংশগ্ৰহণ কৰিব ।

প্ৰণিধানযোগ্য যে বিগত বৰ্ষৰ 7 ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা ৷ শ্ৰীনগৰত ৰাহুল গান্ধীয়ে জাতীয় পতাকা উত্তোলন কৰি আনুষ্ঠানিকভাৱে সামৰণি পেলাব এই ভাৰত জোড়ো যাত্ৰাৰ ৷ এই কথা সদৰী কৰিছে কংগ্ৰেছ নেতা কে চি বেণুগোপালে ৷ এই ভাৰত জোড়ো যাত্ৰাত 3500 কিলোমিটাৰ লক্ষ্য হিচাপে বান্ধি লোৱা হৈছিল । অৱশ্যে এই পদযাত্ৰাত প্ৰকৃততে কিমান কিলোমিটাৰ অতিক্ৰম কৰা হ’ল বা ৰাহুল গান্ধীৰ সৈতে কিমান লোকে যাত্ৰাত সহযোগিতা আগবঢ়ালে তাৰ হিচাপ কংগ্ৰেছৰ তৰফৰ পৰা দিয়া হোৱা নাই ৷

উল্লেখ্য যে কন্যাকুমাৰীৰ পৰা কাশ্মীৰক সাঙুৰি লোৱা এই বিশাল ভাৰত জোড়ো যাত্ৰাৰ অন্ত পৰাৰ পিছতেই কংগ্ৰেছে আৰম্ভ কৰিব ‘হাথ ছে হাথ জোড়ো’(Hath se hath jodo) যাত্ৰা ৷ দুমাহৰ বাবে কংগ্ৰেছে আৰম্ভ কৰিব ‘হাথ ছে হাথ জোড়ো’ যাত্ৰা ৷ আনহাতে, দেশৰ সৰ্ববৃহৎ তথা পুৰণি ৰাজনৈতিক দলটোৱে 24 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত কৰিব ৮৫ সংখ্যক পূৰ্ণাংগ অধিবেশন ৷

লগতে পঢ়ক :Worlds oldest person: বিশ্বযুদ্ধ আৰু কৰ’ণাক প্ৰতিহত কৰি শতিকা গৰকা এগৰাকী আইতা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.