ETV Bharat / bharat

পশ্চিম বংগৰ কিশোৰীক ত্ৰিপুৰাত উদ্ধাৰ; বলি হৈছিল বাল্যবিবাহৰ

author img

By

Published : Aug 15, 2021, 8:18 PM IST

ত্ৰিপুৰাত উদ্ধাৰ হ'ল পশ্চিমবংগৰ এগৰাকী নাবালিকা । ভুৱা পৰিচয়েৰে প্ৰেমত পেলাই ত্ৰিপুৰাৰ যুৱকে পলুৱাই আনিছিল নাবালিকাগৰাকীক । ভয় ভাবুকি দি কিশোৰীগৰাকীক বিয়া পাতিছিল যুৱকজনে । অৱশেষত কিশোৰীগৰাকীৰ সৈতে কি হ'ল ?

Bengal Minor lured into marriage reunites with family
ত্ৰিপুৰাত বাল্যবিবাহৰ বলি হোৱা কিশোৰীক উদ্ধাৰ

আগৰতলা,১৫ আগষ্ট : ত্ৰিপুৰাত বাল্য বিবাহৰ (Child marriage) আন এক ঘটনা । মিছা প্ৰলোভনৰ বলি হ'ল পশ্চিমবংগৰ এগৰাকী নাবালিকা । অৱশেষত চাইল্ড লাইন (Child line) আৰু শিশু কল্যাণ সমিতিৰ (Child welfare committee) সহযোগত উদ্ধাৰ নাবালিকা কিশোৰীগৰাকী ।

স্থানীয় সূত্ৰ অনুসৰি কিশোৰীগৰাকীৰ ঘৰ পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণাৰ । সামাজিক মাধ্যমত কিশোৰীগৰাকী ত্ৰিপুৰাৰ বেলোনিয়াৰ সুভাষ নগৰৰ চুতান দেৱনাথৰ সৈতে চিনাকী হৈছিল । তাৰ পাছতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল দুয়োৰে মাজত । অভিযোগ অনুসৰি চুতান দেৱনাথে ভুৱা পৰিচয়েৰে কিশোৰীগৰাকীক প্ৰেমৰ জালত পেলাইছিল ।

দেৱনাথে কিশোৰীগৰাকীক কৈছিল যে তেওঁ বেংগালুৰুৰ এখন হোটেলত মেনেজাৰ হিচাপে কাম কৰে আৰু তেওঁৰ ৰবৰ বাগিচাৰ পাৰিবাৰিক ব্যৱসায় আছে ।

যোৱা ১৭ জুলাইত কিশোৰীগৰাকীয়ে সকলো প্ৰয়োজনীয় নথিপত্ৰ লৈ ঘৰৰ পৰা ওলাই গৈছিল । অভিযুক্ত চুতানে কিশোৰী গৰাকীক পলুৱাই নিজৰ ঘৰলৈ লৈ গৈছিল । কিন্তু বেলোনিয়াত যুৱকজনৰ ঘৰত উপস্থিত হোৱাৰ পাছতহে সকলো মিছা কথা গম পাইছিল কিশোৰীগৰাকীয়ে । চুতানে এখন সাধাৰণ হোটেলত কাম কৰে আৰু তেওঁৰ পৰিয়ালৰ আৰ্থিক অৱস্থাও সিমান ভাল নাছিল ।

কিশোৰীগৰাকীৰ অনিচ্ছা স্বত্বেও দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল । আৰক্ষীৰ সূত্ৰই জনোৱা মতে কিশোৰীগৰাকী বিভিন্ন ধৰণৰ ভাবুকি দিয়া হৈছিল । ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে চাইল্ড লাইনৰ নেটৱৰ্কৰ জৰিয়তে তেওঁলোকৰ জীয়েকৰ বিষয়ে জানিব পাৰিছিল । কিশোৰীগৰাকীৰ তথ্য বেলোনিয়া চাইল্ড লাইনে ১০৪৯ ৰ হেল্পলাইনত লাভ কৰিছিল ।

পাছত কিশোৰীগৰাকীক উদ্ধাৰ কৰি আৰু ঘৰলৈ ঘূৰাই পঠিওৱা হয় । কিশোৰীগৰাকীৰ পিতৃয়ে বেলোনিয়া শিশু কল্যাণ সমিতিৰ কাৰ্যালয়ত সাংবাদিকক জনোৱা মতে অনলাইন শ্ৰেণীৰ (Online class) বাবে কিশোৰীগৰাকীক এটা ম'বাইল ক্ৰয় কৰি দিছিল পিতৃয়ে । কিন্তু তাৰ পৰিণতি যে ইমান বেয়া হ'ব তেওঁলোকে ভবা নাছিল ।

পিতৃয়ে জনোৱা মতে তেওঁ এখন নাৰিকলৰ দোকান আছে কিন্তু তেওঁলোকৰ আৰ্থিক অৱস্থা ইমানে শোচনীয় আছিল যে পৰিয়ালটোৱে দুবেলা দুমুঠি খাবলৈ চিন্তা কৰিবলগীয়া হয় । সেয়ে তাতকৈ উন্নত জীৱন যাপনৰ আশাত হয়টো কিশোৰীগৰাকীয়ে তেনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল বুলিও সন্দেহ কৰে কিশোৰীগৰাকীৰ পিতৃয়ে । অৱশ্যে চাইল্ড লাইন আৰু শিশু কল্যাণ সমিতিৰ তাৎক্ষণিক পদক্ষেপৰ বাবে চৰম বিপদ হোৱাৰ পৰা ৰক্ষা পৰে কিশোৰীগৰাকী ।

লগতে পঢ়ক :অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাত ভয়াৱহ ভূমিস্খলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.