নিউজ ডেস্ক, 20 নৱেম্বৰ : লকডাউনৰ সময়ছোৱাত চাকৰি হেৰুওৱা লোকসকলৰ ভিতৰত মনীষ পাণ্ডেও এজন ৷ পশ্চিম বংগৰ 24 পাৰ্গানাছ জিলাৰ ৰামচন্দ্ৰপুৰ গাঁও নিৱাসী মনীষ পাণ্ডেই লকডাউনৰ পূৰ্বে এখন ব্যক্তিগত ফাৰ্মত কাম কৰিছিল ৷
লকডাউনে আজুৰি নিয়া চাকৰিৰ পাচত আৰ্থিক দুৰৱস্থাত ভুগিছিল মনীষ ৷ ইয়াৰ মাজতে এগৰাকী কৃষি বিষয়াৰ সৈতে পৰিচয় হয় মনীষৰ ৷ কৃষি বিষয়া সুবীৰ দাসৰ সহায়ত মনীষে উষ্ণতাসম্পন্ন মেচিনেৰে কণীৰ পৰা পোৱালি জগোৱা ব্যৱসায় আৰম্ভ কৰে ৷ সম্প্ৰতি এই মেচিনটোৱে মনীষক আত্মনিৰ্ভৰশীল জীৱন অতিবাহিত কৰাত সহায় কৰিছে ৷
এই মেচিনটো প্ৰস্তুত কৰোতে মনীষে থাৰ্ম’কলৰ বাকচৰ ব্যৱহাৰ কৰিছিল ৷ তেওঁ বাকচৰ ভিতৰত কিছু বৈদ্যুতিক সামগ্ৰী সংযুক্ত কৰে ৷ এই বৈদ্যুতিক সামগ্ৰীয়ে স্থিৰ উষ্ণতা বৰ্তাই ৰখাত সহায় কৰে ৷
জানিব পৰা মতে, প্ৰথমে তেওঁ 100 টা কণীৰ সৈতে পৰীক্ষা কৰে ৷ এই 100 টা কণীৰ ভিতৰত 90 টা কণীৰ সম্পূৰ্ণৰূপে গৰম হয় আৰু তাৰ পৰা পোৱালি ওলায় ৷ তেতিয়াৰ পৰাই মনীষে অতি নিষ্ঠাৰে এই কাম কৰি আছে ৷
বিগত তিনিমাহত তেওঁ কিছু ইনকিউবেটৰ উৎপাদন কৰে আৰু সম্প্ৰতি ইয়াৰ অৰ্ডাৰো লাভ কৰিছে ৷
লগতে পঢ়ক : উত্তৰ প্ৰদেশ : পথ দুৰ্ঘটনাত নিহত 14 বিবাহযাত্ৰী