ETV Bharat / bharat

পশ্চিম বংগৰ 45 টা সমষ্টিত আজি পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ - বিধানসভা নিৰ্বাচন

আজি পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায় ভোটগ্ৰহণ ৷ ৪৫ টা বিধানসভা সমষ্টিৰ 342 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব কোটিত কৈ অধিক ভোটাৰে ৷

বংগৰ 45 টা সমষ্টিত আজি পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ

author img

By

Published : Apr 17, 2021, 8:29 AM IST

নিউজ ডেস্ক, 17 এপ্ৰিল : পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ আজি পঞ্চম পৰ্যায় ভোটগ্ৰহণ ৷ পঞ্চম পৰ্যায় ভোটগ্ৰহণত বংগৰ প্ৰায় 1 কোটিত কৈ অধিক ভোটাৰে নিৰ্ণয় কৰিব 342 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ ক’ভিডৰ দ্বিতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰশাসনে জাৰি কৰা ক’ভিড প্ৰ'টকলৰ মাজতে বংগৰ ৪৫ টা বিধানসভা সমষ্টিত চলিছে ভোটগ্ৰহণ ৷

যোৱা চাৰিটা পৰ্যায় ভোটগ্ৰহণৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি পঞ্চম পৰ্যায়ত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখা গৈছে ৷ কিয়নো যোৱা চাৰিটা পৰ্যায় ভোটগ্ৰহণত সংঘটিত হোৱা হিংসাত্মক ঘটনাত বংগৰ মুঠ পাঁচ জন লোকৰ মৃত্যু হৈছিল ৷ ইয়াৰে কোচবিহাৰ হিংসাত চাৰিজন লোক চিআইএছএফৰ গুলীত নিহত হৈছিল ৷

প্ৰাপ্ত তথ্য অনুসৰি, শান্তিপূৰ্ণ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ 853 টা কোম্পানী নিয়োগ কৰা হৈছে নিৰ্বাচন আয়োগে ৷ ইয়াৰ সমান্তৰালভাৱে ক’ভিডৰ দ্বিতীয়টো ঢৌৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড প্ৰ'টকল পালন কৰিবলৈ কঠোৰভাৱে নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন আয়োগে ৷ মন কৰিবলগীয়া যে, যোৱা 24 ঘন্টাত পশ্চিম বংগত 6,769 গৰাকী লোক নতুনকৈ ক'ৰণাত আক্ৰান্ত হোৱাৰ লগতে 22 গৰাকীৰো অধিক লোকৰ মৃত্যু হৈছে ৷

উল্লেখ্য যে, পঞ্চম পৰ্যায়ৰ হেভিৱেট প্ৰাৰ্থী সকলৰ ভিতৰত আছে বাঁও মৰ্চাৰ নেতা অশোক ভট্টাচাৰ্য, ৰাজ্যৰ মন্ত্ৰী গৌতম দেৱ, ব্ৰত্য বসু আৰু বিজেপিৰ সমিক ভট্টাচাৰ্য। বংগৰ ৪৫ টা সমষ্টিৰ মুঠ ১৫,৭৮৯ টা ভোটকেন্দ্ৰত উত্তৰ 24 পৰগানাৰ 16 খন আসন, পূৱ বৰ্ধমান আৰু নদিয়াৰ 8 খন আসন, জলপাইগুৰিৰ 7 খন আসন, দাৰ্জিলিঙৰ 5 খন আসন আৰু কালিমপুং জিলাৰ 1 খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ৷

পঞ্চম পৰ্যায়ৰ আটাইকেইখন আসনেই অতি গুৰুত্বপূৰ্ণ তৃণমূল কংগ্ৰেছৰ বাবে ৷ কিয়নো যোৱা 2016 চনৰ বংগ বিধানসভা নিৰ্বাচনত এই 45 খন আসনৰ ভিতৰত 32 খন আসন নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল তৃণমূল কংগ্ৰেছ ৷ এই লৈ নিজৰ দখলত ৰখা 32 খন আসনত নিজৰ স্থিতি অটুট ৰাখিবলৈ চেষ্টা কৰাৰ লগতে বাকী 13 খন আসনতো দলৰ ভেঁটি গঢ়িবলৈ এইবাৰ চেষ্টা চলাব তৃণমূল কংগ্ৰেছে ৷

কিন্তু ইয়াৰ বিপৰীতে বিজেপিৰ এক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব তৃণমূল কংগ্ৰছ ৷ যোৱা নিৰ্বাচন সমূহলৈ লক্ষ্য কৰিলে এটা কথা স্পষ্ট হয় যে বিজেপিয়ে মমতাক ওফৰাই বংগ দখলৰ বাবে সকলো প্ৰকাৰে চেষ্টা চলাই আহিছে ৷ এইবাৰও তাৰ ব্যতিক্ৰম নহ'ব ৷ পশ্চিম বংগৰ বহু কেইটা অঞ্চলত তৃণমূলৰ বিৰুদ্ধে বিজেপিৰ এক ঢৌ সৃষ্টি হোৱাৰো পৰিলক্ষিত হোৱা লগতে তৃণমূলৰ বহু কেইজনো শীৰ্ষ পৰ্যায়ৰ সক্ৰিয় নেতাই যোৱা সময়ছোৱাত বিজেপিত যোগদান কৰাৰ পৰিলক্ষিত হৈছিল ৷

লগতে পঢ়ক: বিশ্বজুৰি ক’ভিড ৰোগীৰ সংখ্যা দুগুণ বৃদ্ধি : বিশ্ব স্বাস্থ্য সংস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.