নেশ্যনেল ডেস্ক,১৭ ডিচেম্বৰ : গুজৰাটৰ আহমেদাবাদত চাঞ্চল্যকৰ চুৰিকাণ্ড (Ahmedabad stealing case)। চৰকাৰী বাহন চুৰি কৰি বিপদত পৰিল এজন ভিক্ষাৰী । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভিক্ষাৰীজনক । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।
জানিব পৰা মতে জামালপুৰৰ গীতা মন্দিৰ এছ টি বাছ ষ্টেণ্ডৰ ওচৰৰ আহমেদাবাদ পৌৰ নিগমৰ (AMC) আৰোগ্য ভৱনৰ পৰা এখন চৰকাৰী বাহন চুৰি হৈছিল । স্বাস্থ্য বিষয়াসকলৰ বাবে নিৰ্ধাৰিত এক স্থানৰ পৰাই চুৰি হৈছিল স্ক'ৰপিঅ' বাহনখন । লগে লগে গায়কৱাড় হাভেলি আৰক্ষী থানাত বিভাগীয় এখন এজাহাৰ দাখিল কৰা হৈছিল । এজাহাৰৰ ভিত্তিত গায়কৱাড় হাভেলি আৰক্ষীয়েও চুৰিকাৰ্য সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । তদন্তৰ মাজতে আচৰিত হৈ পৰে আৰক্ষী । বাহনখন চুৰি হোৱা স্থানত থকা চিচিটিভি কেমেৰাৰ দৃশ্য দেখি হতভম্ব আৰক্ষী । কিয়নো বাহনখন চুৰি কৰি লৈ গৈছে এজন ভিক্ষাৰীয়ে (Beggar stole Scorpio in Ahmedabad)।
অভিযুক্ত ভিক্ষাৰীজন চাহিল মকসুদখান পাঠান বুলি চিনাক্ত হৈছে । পাঠানে চৰকাৰী ভৱনৰ ওচৰতে ভিক্ষা কৰি আছিল । কিন্তু তাৰ মাজতে বাহনখন ৰখাই থোৱা স্থানলৈ আহিছিল পাঠান । তাৰ পৰা বাহনখন লৈয়ে ভিক্ষাৰীজন সেই স্থানৰ পৰা বদোদৰা অভিমুখে পলায়ন কৰিছিল (Beggar stole government vehicle)। কিন্তু নাদিয়াদত উপস্থিত হোৱাৰ পাছতে বাহনখনৰ ডিজেল শেষ হয় । ডিজেল শেষ হোৱাৰ পাছতে ভিক্ষাৰীজনে বাহনখন তাতে এৰি ধনৰ অভাৱত পুনৰ আহমেদাবাদলৈ উভতি আহে ।
আৰক্ষীয়ে জনোৱা মতে, চিচিটিভি ফুটেজৰ ভিত্তিত ইতিমধ্যে পাঠানক গ্ৰেপ্তাৰ কৰা হৈছে (Beggar arrested for stealing AMCs Scorpio)। আৰক্ষীয়ে তেওঁৰ পূৰ্বৰ ৰেকৰ্ডৰ অনুসন্ধান কৰাৰ লগতে বিষয়টোৰ অধিক তদন্ত আৰম্ভ কৰিছ । আৰক্ষীয়ে পৰীক্ষা কৰিছে যে তেওঁ পূৰ্বে কোনো অপৰাধজনিত ঘটনাৰ লগত জড়িত আছিল নেকি ? আনহাতে পূৰ্বে ডকাইতি সম্পৰ্কীয় ঘটনাত পাঠান জড়িত আছিল নেকি সেই বিষয়েও আৰক্ষীয়ে পৰীক্ষা কৰি আছে ।