ETV Bharat / bharat

Telangana Polls 2023 : তেলেংগানা দখলৰ বাবে কংগ্ৰেছক একত্ৰিত হোৱাৰ আহ্বান ৰাহুল গান্ধীৰ

author img

By

Published : Jun 27, 2023, 7:59 PM IST

কংগ্ৰেছৰ দৃষ্টি এতিয়া তেলেংগানাৰ ওপৰত । কংগ্ৰেছে বিচাৰে যে দক্ষিণ ভাৰতৰ ৰাজ্যখনৰ নেতাসকলে আগন্তুক বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বিআৰএছৰ বিৰুদ্ধে একত্ৰিতভাৱে আগবাঢ়ক ।

Telangana Polls 2023
Telangana Polls 2023

নিউজ ডেস্ক, ২৭ জুন : কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীয়ে মঙলবাৰে তেলেংগানাৰ নেতাসকলক মতভেদ আঁতৰাই আগন্তুক নিৰ্বাচনত ঐক্যবদ্ধভাৱে যুঁজিবলৈ আহ্বান জনায় । লগতে শাসনাধিষ্ঠিত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সকলো প্ৰকাৰে প্ৰত্যাহ্বান জনাবলৈও কয়।

"ৰাহুল গান্ধীয়ে ৰাজ্যৰ সকলো নেতাকে এক ধৈৰ্যশীল বাৰ্তা দিছে । তেওঁ সকলোকে তেওঁলোকৰ মাজক মতপাৰ্থক্য আঁতৰাই ঐক্যবদ্ধভাৱে নিৰ্বাচনত যুঁজিবলৈ আহ্বান জনাইছে । লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সকলো প্ৰত্যাহ্বান সাজু কৰিবলৈ কৈছে । ৰাজ্যিক নেতাসকলৰ মাজত সৰু-সুৰা পাৰ্থক্য থাকিব পাৰে । কিন্তু ৰাহুল গান্ধীয়ে বিচাৰে যে তেওঁলোক সকলোৱে শাসকীয় বিআৰএছক পৰাস্ত কৰিবলৈ একত্ৰিত হওক ।" তেলেংগানাৰ ভাৰপ্ৰাপ্ত এআইচিচি নেতা মাণিকৰাও থাকৰেয়ে ইটিভি ভাৰতৰ আগত এনেদৰে কয় । ৰাহুলে দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে এআইচিচি আৰু ৰাজ্যিক নেতাসকলৰ সৈতে কংগ্ৰেছৰ নিৰ্বাচনি প্ৰস্তুতি পৰ্যালোচনা কৰাৰ পিছত এনেদৰে কয় ।

ৰাহুল গান্ধীৰ এই মন্তব্য গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । কিয়নো ৰাজ্যখনৰ কংগ্ৰেছ নেতাসকলৰ মাজত হোৱা বিবাদৰ ফলত ৰাজ্যখনৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত নেতা মণিকাম ঠাকুৰক অপসাৰণ কৰা হয় । ইয়াৰ পিছতে চলিত বছৰৰ জানুৱাৰীত ৰাহুল গান্ধীয়ে ৰাজ্যখনৰ দায়িত্বত থাকৰেক নিয়োজিত কৰে । আনহাতে, নিজৰ কৃতিত্ব প্ৰদৰ্শন কৰি থাকৰেয়ে এতিয়ালৈকে ৰাজ্যিক গোটৰ মুৰব্বী ৰেৱন্ত ৰেড্ডী আৰু চিএলপি নেতা ভাট্টি বিক্ৰমাৰ্ক দুয়োৰে সমৰ্থন লাভ কৰি শক্তি প্ৰদৰ্শনৰ বাবে সমগ্ৰ তেলেংগানাত পৃথক পদযাত্ৰা কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে তেলেংগানাত চলিত বছৰৰ শেষৰ ফালে ১১৯ খন বিধানসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব । কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰে ২০১৩ চনত অন্ধ্ৰপ্ৰদেশৰ পৰা পৃথক কৰি এই নতুন ৰাজ্যখন গঠন কৰিছিল । কিন্তু মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ নেতৃত্বত পূৰ্বতে টিআৰএছ আৰু বৰ্তমানৰ বিআৰএছ দল শাসনত আছে । কংগ্ৰেছে বৰ্তমান সময়ত ৰাজ্য চৰকাৰখনৰ সন্মুখত এক বৃহৎ প্ৰতিষ্ঠান-বিৰোধী ঢৌ প্ৰত্যক্ষ কৰিছে । যাৰ বাবে বিআৰএছৰ পৰা ক্ষমতা কাঢ়ি ল'বলৈ যথেষ্ট চেষ্টা চলাই আছে । সেই লক্ষ্য অনুসৰণ কৰি ৰাহুলে ৰাজ্যিক দলটোক ৮০ খন আসন জয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে ।

লগতে পঢ়ক :Clash Between TMC and BJP: পশ্চিমবংগত প্ৰাক নিৰ্বাচনী হিংসা; 1জন নিহত, 5জন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.