ETV Bharat / bharat

Banner of Next CM in Karnataka : কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ কংগ্ৰেছৰ পোষ্টাৰ যুদ্ধ ! - পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ কংগ্ৰেছৰ পোষ্টাৰ যুদ্ধ

কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব (Karnataka next CM)? তাক লৈ কৌতূহলে বিৰাজ কৰি থকাৰ মাজতে একাংশই প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াক পুনৰ মুখ্যমন্ত্ৰীৰ আসন বিচাৰিছে । একাংশই আকৌ ডি কে শিৱকুমাৰক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাবে শুভেচ্ছা জনাই পোষ্টাৰ লগাইছে ।

Banner of Next CM in Karnataka
পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ কংগ্ৰেছৰ পোষ্টাৰ যুদ্ধ
author img

By

Published : May 14, 2023, 4:26 PM IST

নেশ্যনেল ডেস্ক,১৪ মে' : কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ১৩৫ খন আসন লাভ কৰিছে আৰু চৰকাৰ গঠনৰ বাবে ইতিমধ্যে আগবাঢ়িছে দলটো (Congress won Karnataka election)। দেওবাৰে কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকো অনুষ্ঠিত হ'ব আৰু ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনি চূড়ান্ত কৰা হ'ব । কিন্তু তাৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীক লৈ বিভিন্ন মহলত চৰ্চা চলিছে ।

কোনোৱে যদি কৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া মুখ্যমন্ত্ৰীৰ বাবে যোগ্য প্ৰাৰ্থী আনফালে আকৌ একাংশৰ মতে বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ হ'ব লাগে পৰৱৰ্তী মুখ্যমন্ত্ৰী । কংগ্ৰেছৰ কৰ্মী আৰু দুয়োগৰাকী নেতাৰ সমৰ্থকৰ মাজতো ইয়াক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে (Karnataka next CM)।

অৱশ্যে ইয়াৰ মাজতে দুয়োগৰাকী নেতাৰ সমৰ্থকৰ মাজত পোষ্টাৰ যুদ্ধও আৰম্ভ হৈছে (Karnataka next CM poster)। কিয়নো একাংশ সমৰ্থকে প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাবে পোষ্টাৰ লগাইছে । আনফালে কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰৰ বাসগৃহৰ সন্মুখত পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ পোষ্টাৰ লগাইছে । দুয়োগৰাকী নেতাকে বেংগালুৰুত পোষ্টাৰৰ জৰিয়তে কংগ্ৰেছৰ জয়ৰ বাবে অভিনন্দন জনোৱা হৈছে ।

বেংগালুৰুত সিদ্দাৰামাইয়াৰ চৰকাৰী বাসভৱনৰ গেটৰ সন্মুখত পৰৱৰ্তী মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া বুলি এখন বেনাৰ লগোৱা দেখা গৈছে । পোষ্টাৰত কোৱা হৈছে যে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব সিদ্দাৰামাইয়াই ।

জানিব পৰা মতে কংগ্ৰেছৰ যুৱ নেতা শশীকুমাৰৰ নেতৃত্বত এই পোষ্টাৰ লগোৱা হৈছে । আনহাতে, কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰৰ সমৰ্থকসকলেও তেওঁৰ বাসগৃহৰ সন্মুখত পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে এখন বেনাৰ লগাইছে ।

মুখ্যমন্ত্ৰীৰ আসনক লৈ সিদ্দাৰামাইয়া আৰু ডি কে শিৱকুমাৰৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা চলি আছে যদিও সন্ধিয়া এআইচিচিৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেকে ধৰি দলটোৰ ৰাষ্ট্ৰীয় নেতাসকলৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া দলটোৰ বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব ।

লগতে পঢ়ক :Congress Swearing in Ceremony in Karnataka : সোমবাৰে শপত গ্ৰহণ অনুষ্ঠান ! আজি সন্ধিয়া কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.