ETV Bharat / bharat

উছাৰ এগ্ৰো লিমিটেডৰ পৰিচালন সঞ্চালকক গ্ৰেপ্তাৰ কৰিলে EDয়ে - ভুৱা লেনদেন

এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে(ED) গ্ৰেপ্তাৰ কৰিলে উছাৰ এগ্ৰো লিমিটেড(Usher Agro Limited)ৰ পৰিচালন সঞ্চালক বিনোদ চতুৰ্বেদী(Vinod Chaturvedi)ক । বেংক ঋণ জালিয়াতি কৰা আৰু ধন আত্মসাৎ কৰা'ৰ গোচৰত মুম্বাইস্থিত কোম্পানীটোৰ পৰিচালন সঞ্চালকগৰাকীক গ্ৰেপ্তাৰ কৰা হয় । বিনোদ চতুৰ্বেদীয়ে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ তদন্ত প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়োৱা নাছিল ।

Bank loan fraud
উছাৰ এগ্ৰো লিমিটেডৰ পৰিচালন সঞ্চালকক গ্ৰেপ্তাৰ
author img

By

Published : Sep 20, 2021, 4:05 PM IST

নেশ্যনেল ডেস্ক, ২০ ছেপ্টেম্বৰ: বেংকৰ কেইবা কোটি টকাৰ ঋণ জালিয়াতিৰে নাম সাঙোৰ খাইছে মুম্বাইস্থিত এটা কৃষি কোম্পানীৰ পৰিচালন সঞ্চালকৰ । যোৱা ১৭ ছেপ্টেম্বৰত উছাৰ এগ্ৰো লিমিটেড আৰু অন্যান্য গোট কোম্পানীৰ পৰিচালন সঞ্চালক বিনোদ চতুৰ্বেদী(Vinod Chaturvedi)ক গ্ৰেপ্তাৰ কৰে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে(ED) । বেংক ঋণ জালিয়াতি কৰা আৰু ধন আত্মসাৎ কৰাৰ গোচৰত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে বিনোদ চতুৰ্বেদীৰ বিৰুদ্ধে । আনহাতে, সোমবাৰে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে এক বিবৃতিযোগে জনোৱা মতে, বিনোদ চতুৰ্বেদীয়ে তদন্ত প্ৰক্ৰিয়াতো সহযোগিতা আগবঢ়োৱা নাছিল ।

কেৱল এয়াই নহয়, তদন্তকাৰী বিষয়াই প্ৰশ্ন কৰাৰ পিছতো তেওঁ কোনো তথ্য প্ৰকাশ কৰা নাছিল । এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে বিবৃতটোত উল্লেখ কৰিছে যে, যোৱা ১৮ ছেপ্টেম্বৰত বিনোদ চতুৰ্বেদীক মুম্বাইৰ মানি লণ্ডাৰিং প্ৰতিৰোধ আদালতে পাঁচ দিনৰ বাবে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ জিম্মালৈ প্ৰেৰণ কৰে । চতুৰ্বেদী, তেওঁৰ প্ৰতিষ্ঠানটো আৰু মনোজ পাঠক নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে বেংকৰ ঋণ জালিয়াতিৰ অভিযোগ উত্থাপন কৰা হৈছিল । চি বি আইৰ এজাহাৰৰ ওপৰত ভিত্তি কৰি এটা গোচৰ ৰুজু কৰা হৈছিল ।

বেংকৰ ঋণ জালিয়াতিৰ জৰিয়তে উপাৰ্জন কৰাটো নিশ্চিত কৰা হৈছে আৰু ৯১৫.৬৫ কোটি টকা প্ৰৱঞ্চনাৰে উপাৰ্জন কৰিছিল প্ৰতিষ্ঠানটোৱে ।

কোম্পানীটোৰ প্ৰম'টাৰে ১৫টা শাখা কোম্পানী গঠন কৰিছিল আৰু ভুৱা লেনদেন কৰিছিল বুলি ইডিয়ে অভিযোগ তুলিছে । দেৱান হাউচিং ফাইনেন্স কৰ্প'ৰেচনৰ সৈতে লগ হৈ ভুৱা লেনদেনো কৰা হৈছিল । ইডিৰ মতে, এই অপৰাধৰ সৈতে বিনোদ চতুৰ্বেদী জড়িত হৈ আছে । তদন্তৰ অন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব ।

লগতে পঢ়ক:কৰ’ণাত পিতৃ-মাতৃ হেৰুওৱা শিশুৰ দায়িত্ব ল’ব কোনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.