ETV Bharat / bharat

বাংলাদেশৰ ৫০ সংখ্যক স্বাধীনতা দিৱস উদযাপন - আগৰতলাত বিভিন্ন কাৰ্যসূচী

বাংলাদেশৰ স্বাধীনতা দিৱস উপলক্ষে ত্ৰিপুৰাৰ আগৰতলাত বিভিন্ন কাৰ্যসূচীৰ আয়োজন । আগৰতলাস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যলয়ত বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন । আখাউৰাত দুয়োখন দেশৰে সীমা সুৰক্ষা বাহিনীয়ে বাংলাদেশৰ স্বাধীনতা দিৱস পালন কৰে ।

বাংলাদেশৰ ৫০ সংখ্যক স্বাধীনতা দিৱস উদযাপন

author img

By

Published : Mar 27, 2021, 12:17 PM IST

নেশ্যনেল ডেস্ক,২৭ মাৰ্চ: বাংলাদেশৰ ৫০ সংখ্যক স্বাধীনতা দিৱস দেশখনত উলহ-মালহেৰে উদযাপন কৰাৰ সমান্তৰালকৈ ত্ৰিপুৰাতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত ত্ৰিপুৰাই কৌশলগত ভূমিকা পালন কৰিছিল ৷ সেয়ে উত্তৰ-পূৰ্বাঞ্চলৰ এই ৰাজ্যখনে বাংলাদেশৰ পৰাও বিশেষ আদৰ লাভ কৰি আহিছে । বাংলাদেশৰ ৫০ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে ত্ৰিপুৰাৰ কেইবাটাও স্থানত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

বাংলাদেশৰ ৫০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
বাংলাদেশৰ ৫০ সংখ্যক স্বাধীনতা দিৱস উদযাপন

আগৰতলাস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যলয়ত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস পালন কৰা হয় । বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় । বাংলাদেশৰ স্বাধীনতা আন্দোলনত ভাৰতে আগবঢ়োৱা অৱদানৰ বিষয়ে সুঁৱৰি আগৰতলাস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত মহম্মদ জ'বায়েড হুছেইনে কয় যে, ভাৰত চৰকাৰ আৰু ভাৰতীয় সামৰিক বাহিনীয়ে বাংলাদেশক স্বাধীনতা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিছিল ।

ৰাষ্ট্ৰৰ পিতৃ শ্বেখ মাজিবুৰ ৰহমানে এই দিনটোতে বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰাৰ পিছত, ৯ মাহৰ দীঘলীয়া সংগ্ৰাম আৰম্ভ কৰা হৈছিল । ২০ লাখতকৈও অধিক স্বাধীনতা সংগ্ৰামীৰ ত্যাগৰ ফলশ্ৰুতিত বাংলাদেশে বিশ্ব মানচিত্ৰত সাৰ্বভৌম দেশ হিচাপে স্বীকৃতি লাভ কৰিছিল । তেওঁ কয় যে, অহা ২৮ মাৰ্চত বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ স্মৃতিত তেওঁৰ কাৰ্যালয়ত এক কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব । আনহাতে, ভাৰত আৰু বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনীয়েও আখাউৰা তালাচী চকীত স্বাধীনতা দিৱস উদযাপন কৰে ।

ভাৰতৰ সীমা সুৰক্ষা বলে কেৱল মুক্তি বাহিনী যোদ্ধাসকলক প্ৰশিক্ষণ দিয়াই নহয়, স্বাধীনতা সংগ্ৰামী যুঁজৰ প্ৰতি সমৰ্থন জনাইছিল । ভাৰতৰ সীমা সুৰক্ষা বলৰ বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে । এনে বিশেষ পদক্ষেপৰ ফলত নিশ্চিতভাৱে পাৰস্পৰিক বিশ্বাসৰ বন্ধন অধিক শক্তিশালী হ'ব আৰু দুয়োখন দেশৰে সীমা সুৰক্ষা বাহিনী বিএছএফ আৰু বিজিবিৰ মাজত সমন্বয় বৃদ্ধি কৰিব বুলিও সীমা সুৰক্ষা বলে প্ৰকাশ কৰিছে । দুয়োখন দেশৰ সীমা সুৰক্ষা বাহিনীৰ উচ্চ বিষয়াসকলৰ লগতে একাংশ ৰাইজেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: ত্ৰিপুৰাত পথ দুৰ্ঘটনা: মুখমন্ত্ৰীৰ ৰেলীৰ পৰা উভতাৰ পথত নিহত 4, আহত 17

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.