নেচনেল ডেস্ক, 4 জানুৱাৰী: পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ 50 তম বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত হ'বলগীয়া এই বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেডত বাংলাদেশৰ সেনা বাহিনীৰ প্ৰতিনিধি বৰ্গই অংশগ্ৰহণ কৰিব ৷ প্ৰতিৰক্ষা বিষয়াই এই কথা জানিবলৈ দিয়ে ৷
1971 চনৰ যুদ্ধত পৰাজয় বৰণ কৰাৰ পাছত তেতিয়াৰ পাকিস্তানৰ সেনাপ্ৰধান জেনেৰেল আমিৰ আব্দুল্লাহ খান নিয়াজিয়ে তেওঁৰ 93,000 সৈন্যৰ সৈতে মিত্ৰ ৰাষ্ট্ৰৰ সেনাৰ কাষত আত্মসমৰ্পন কৰিছিল ৷ য'ত ভাৰতীয় সেনাৰ জোৱানো আছিল ৷
ক'ভিড-19 আৰু ক'ৰণা ভাইৰাছৰ নতুন ষ্ট্ৰেইন ৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত ভিৰ এৰাই চলাৰ লগতে সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ উদ্দেশ্যে চৰকাৰে গণৰাজ্য দিৱসৰ পেৰেডত উপস্থিতিৰ সংখ্যা কমোৱাৰ সম্ভাৱনা আছে ৷
ভাৰতীয় সংবিধানখন বলবৎ হোৱাৰ পাছত এক স্বাধীন গণতন্ত্ৰ হিছাপে স্বীকৃতি লাভ কৰাৰ ঐতিহাসিক দিনটোক স্মৰণ কৰি ভাৰতে এইবাৰ 26 জানুৱাৰীত 72 তম গণৰাজ্য দিৱস পালন কৰিব ৷
লগতে পঢ়ক: উত্তৰ প্ৰদেশত ধৰ্ম পৰিৱৰ্তন কৰা এটা পৰিয়ালৰ বাসগৃহত অগ্নিসংযোগ