তেজপুৰ, ২৪ আগষ্ট: অৰুণাচল প্ৰদেশৰ অঞ্জৱে জিলাৰ মিথুমনাৰ ওচৰৰ থা নলাৰ ওপৰত নিৰ্মিত বেইলি দলংখন আজি মুকলি কৰা হয় ৷ ভাৰতীয় সেনাই সীমান্ত পথ সংস্থা (বিআৰঅ') আৰু অঞ্জৱে জিলা আয়ুক্তৰ সমন্বয়ত ‘‘থা নলা’’ৰ ওপৰত ১২০ ফুট দৈৰ্ঘৰ দলঙখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হয় ৷ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে বৃহস্পতিবাৰে এই কথা জানিবলৈ দিয়ে ৷ বাৰিষাৰ সময়ত নলাটোৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত অঞ্চলটোত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হোৱাৰ লগতে বহু লোকৰ মৃত্যুও হৈছে ৷
উল্লেখ্য যে, অঞ্চলটো অৰুণাচল প্ৰদেশৰ অঞ্জৱে জিলাৰ চাগলোহাগাম চক্ৰ সীমান্তৰ অন্যতম দুৰ্গম অঞ্চল । অঞ্চলটোৰ জনসাধাৰণ আৰু তাত নিয়োজিত ভাৰতীয় সেনাৰ জোৱানে ৰুষ্ট প্ৰাকৃতিক আৰু দুৰ্বল আন্তঃগাঁথনিৰ বাবে বহু সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে । চাগ্লোহাগামৰ পৰা হাউলিয়াঙৰ লৈ ৫৭ কিলোমিটাৰ দৈৰ্ঘৰ পথটো মিথুমনাৰ ওচৰৰ "থা নলা"ত ঋতুভিত্তিক ভূমিস্খলনৰ বাবে যিকোনো সময়ত বন্ধ হৈ পৰিছিল ৷
ভাৰতীয় সেনাই সীমান্ত পথ সংস্থা (বিআৰঅ') আৰু অঞ্জৱে জিলা আয়ুক্তৰ সহযোগত দ্ৰুত পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ ফলত প্ৰতিকূল বতৰ আৰু কষ্টকৰ ভূখণ্ডৰ স্বত্বেও দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছিল । স্থানীয় মিশ্মী জনগোষ্ঠীয়ে আজি আৰ ডি হায়ুলিয়াং- চাগ্লোহাগামৰ কাষত মিথুমনাৰ ওচৰত দলংখনৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰে । গাঁৱৰ জ্যেষ্ঠসকলে স্থানীয় লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি হায়ুলিয়াং আৰু চাগ্লোহাগামৰ মাজত গোটেই বছৰটো পথ সংযোগ সক্ষম কৰাৰ বাবে ভাৰতীয় সেনা আৰু বিআৰঅ'ক কৃতজ্ঞতা জনায় ৷
ভাৰতীয় সেনাৰ বিষয়া, বিআৰঅ'ৰ জ্যেষ্ঠ বিষয়া আৰু গণ্যমান্য ব্যক্তিসকলে গাঁওবাসীক সম্বোধন কৰি আগন্তুক সময়তো অঞ্চলসমূহত গাঁওবাসীয়ে সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ বাবে সম্পূৰ্ণ সমৰ্থন কৰাৰ আশ্বাস দিয়ে ।
লগতে পঢ়ক: Railway bridge collapsed: নিৰ্মীয়মান ৰে’লৱে দলং খহি মৃত্যু 17 শ্ৰমিকৰ, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা