ETV Bharat / bharat

হাথৰছ কাণ্ডৰ দুই অভিযুক্তৰ জামিন আবেদন খাৰিজ

পুনৰ আদালতত মুখ থেকেচা খালে দেশ কঁপোৱা হাথৰছ কাণ্ডৰ অভিযুক্তই । হাথৰছ ঘটনাৰ দুই অভিযুক্ত ক্ৰমে ৰবি আৰু লবকুশৰ জামিন আবেদন খাৰিজ কৰে বিশেষ এছ চি/ এছ টি আদালতে ।

author img

By

Published : Feb 12, 2021, 5:40 PM IST

হাথৰছ কাণ্ডৰ দুই অভিযুক্তৰ জামিন আবেদন খাৰিজ
হাথৰছ কাণ্ডৰ দুই অভিযুক্তৰ জামিন আবেদন খাৰিজ

নিউজ ডেস্ক,১২ ফেব্ৰুৱাৰী: দেশজুৰি চৰ্চা লাভ কৰা হাথৰছ কাণ্ডৰ চাৰিগৰাকী অভিযুক্তৰ ভিতৰত দুজনৰ জামিন আবেদন খাৰিজ কৰে বিশেষ অনুসূচিত জাতি/ জনজাতি আদালতে । ভুক্তভোগীৰ অধিবক্তা ভগীৰথ সিঙে বৃহস্পতিবাৰে জনোৱা মতে ঘটনাৰ অভিযুক্ত ৰবি আৰু লবকুশে জামিনৰ বাবে আবেদন জনাইছিল যদিও হাথৰছ আদালতে খাৰিজ কৰে তেওঁলোকৰ আবেদন । আনহাতে যোৱা মাহত আন এগৰাকী অভিযুক্ত ৰামুৰ জামিন আবেদনো খাৰিজ কৰিছিল আদালতে ।

উল্লেখ যে চাৰি অভিযুক্ত ক্ৰমে সন্দীপ, ৰবি, ৰামু আৰু লৱকুশৰ বিৰুদ্ধে চিবিআইয়ে বিভিন্ন অভিযোগেৰে চাৰ্জশ্বীট দাখিল কৰিছে । তেওঁলোকক আইপিচিৰ ধাৰা ৩০২,৩৭৬,৩৭৬(এ) আৰু আইপিচিৰ ৩৭৬(ডি) আৰু এছচি/এছটি আইনৰ ধাৰা ৩(২)(ভি) অধীনত অভিযুক্ত কৰা হৈছে । দেশ কঁপোৱা হাথৰছ কাণ্ডৰ সন্দৰ্ভত চিবিআইয়ে ১১ অক্টোবৰত তদন্ত আৰম্ভ কৰিছিল ।

লগতে পঢ়ক:বামপন্থী দলৰ আহ্বানত পশ্চিমবংগত ১২ ঘন্টীয়া বন্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.