নিউজ ডেস্ক, 29 জুন: গ্ৰেটাৰ নয়ডাৰ নলেজ পাৰ্ক আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত অৰুণাচলী যুৱতীৰ আত্মহত্যা (Student commits suicide in Delhi)৷ হোষ্টেলত বাস কৰা ছাত্ৰীগৰাকীয়ে পাৰিবাৰিক বিবাদ আৰু হতাশাৰ বাবে আত্মহত্যা কৰে (Student of ba suicide in Delhi) । ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । জেৰাৰ সময়ত প্ৰকাশ পাই যে ছাত্ৰীগৰাকী অৰুণাচল প্ৰদেশৰ আৰু তেওঁ পূৰ্বতেও কেইবাবাৰো আত্মহত্যাৰ চেষ্টা কৰিছিল । আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে । পৰিয়ালৰ সদস্যসকলক ঘটনাটোৰ বিষয়ে অৱগত কৰা হৈছে ।
মৃত ছাত্ৰীগৰাকী গ্ৰেটাৰ নয়ডাৰ থানা নলেজ পাৰ্কৰ অন্তৰ্গত সাৰদা বিশ্ববিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষত অধ্যয়নৰত ৷ তেওঁ মেণ্ডেলা হোষ্টেলত বাস কৰিছিল ৷ অৰুণাচল প্ৰদেশৰ এফ চেক্টৰ নাহৰলাগুন জিলাৰ (ইটানগৰ) বাসিন্দা আছিল ছাত্ৰীগৰাকী (Arunachal girl committed suicide)। থানা নলেজ পাৰ্ক আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে অন্যান্য যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে ৷
অৰুণাচল প্ৰদেশৰ বাসিন্দা এজন স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীগৰাকীৰ আত্মহত্যা সন্দৰ্ভত কেন্দ্ৰীয় মণ্ডলৰ ডিচিপি হৰিশ চন্দৰে কয় যে, মৃতকৰ পিতৃ-মাতৃৰ মাজত বিবাদ হৈছে । দুয়ো পৃথকে বাস কৰিছিল, যাৰ বাবে মৃত ছাত্ৰীগৰাকীয়ে যথেষ্ট হতাশাত ভুগিছিল । ইয়াৰ আগতেও, অৰুণাচল প্ৰদেশত থকা তেওঁৰ ঘৰত বিভিন্ন ধৰণে কেইবাবাৰো আত্মহত্যাৰ চেষ্টা কৰিছিল ছাত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক : Kanhaiya Lal killing case : কানহায়া হত্যাৰ আঁৰত ইছলামী সন্ত্ৰাসবাদী গোট জড়িতৰ সন্দেহ