নেশ্যনেল ডেস্ক,১৫ জুলাই : অৱশেষত দোষী সাব্যস্ত হ'ল সমাজবাদী পাৰ্টিৰ (এছপি) জ্যেষ্ঠ নেতা আজম খান । এমপি এমএলএ আদালতে শনিবাৰে জ্যেষ্ঠ নেতাগৰাকীক দোষী সাব্যস্ত কৰে । ২০১৯ চনৰ ঘৃণামূলক ভাষণৰ এক গোচৰত আদালতে তেওঁক দোষী সাব্যস্ত কৰে । এমপি এমএলএ বিশেষ আদালতৰ দণ্ডাধীশ শোভিত বনচালে ৭৪ বছৰীয়া নেতাজনক দোষী সাব্যস্ত কৰে । অৱশ্যে তেওঁৰ শাস্তি কি হ'ব সেয়া দণ্ডাধীশে এতিয়াও ঘোষণা কৰা নাই । এই ৰায়ৰ সময়ত আজম খানো আদালতত উপস্থিত আছিল ।
২০১৯ চনৰ ৮ এপ্ৰিল অৰ্থাৎ লোকসভা নিৰ্বাচনৰ সময়ত শ্বেহজাদ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত ধামোৰাত এক ৰেলীৰ সময়ত উচটনিমূলক ভাষণ দিয়াৰ অভিযোগ আছিল আজম খানৰ বিৰুদ্ধে । সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতাগৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল । আজম খানে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, তেতিয়াৰ ৰামপুৰ জিলাৰ নিৰ্বাচনী বিষয়া আৰু ভাৰতৰ নিৰ্বাচন আয়োগক লক্ষ্য কৰি এক উচটনিমূলক ভাষণ দিয়া বুলি অভিযোগ উত্থাপিত হৈছিল ।
২০২২ চনত স্থানীয় আদালতে আজম খানক আন এক ঘৃণামূলক ভাষণৰ গোচৰত দোষী সাব্যস্ত কৰিছিল আৰু তেওঁক ৩ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল । পাছত তেওঁক বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰা হয় । চলিত বৰ্ষৰ মে' মাহত এমপি এমএলএ আদালতে নিম্ন আদালতে আজম খানক প্ৰদান কৰা ৩ বছৰৰ শাস্তি প্ৰত্যাহাৰ কৰে আৰু সেই শাস্তিৰ বিৰুদ্ধে দাখিল কৰা আৱেদন গ্ৰহণ কৰে ।
ইফালে শুকুৰবাৰে উত্তৰ প্ৰদেশ চৰকাৰে এক সিদ্ধান্ত মৰ্মে ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী তথা সমাজবাদী দলৰ ৰাষ্ট্ৰীয় সম্পাদক আজম খানক দিয়া ৱাই চিকিউৰিটিও প্ৰত্যাহাৰ কৰে । অৱশ্যে, তাৰ কেইঘণ্টামান পাছতে আৰক্ষীয়ে ঘোষণা কৰিছিল যে আজম খানৰ মৌলিক নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষীয়ে দৃষ্টি ৰাখিব । নেতাগৰাকীক দোষী সাব্যস্ত কৰাৰ লগে লগে এতিয়া উত্তৰ প্ৰদেশ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক :Gangster Surinder alias Billa escaped : আৰক্ষীৰ বেহু ফালি গেংষ্টাৰ সুৰিন্দৰৰ পলায়ন