ETV Bharat / bharat

ৰাম মন্দিৰৰ মূল দ্বাৰত স্থাপন কৰা হ’ল হনুমান আৰু গৰুড়ৰ প্ৰতিমূৰ্তি - Ram temple construction

Ram temple latest photos : অযোধ্যাত ৰামলালাৰ অভিষেকৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে । বাকী থকা কামবোৰ শীঘ্ৰে সম্পন্ন কৰাৰ বাবে তৎপৰ হৈছে পৰিচালনা সমিতি ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে ট্ৰাষ্টে প্ৰকাশ কৰিছে মন্দিৰৰ শেহতীয়া কেবাখনো ছবি ।

Ram temple latest photos
হনুমান আৰু গৰুড়ৰ প্ৰতিমূৰ্তিও ৰাম মন্দিৰৰ দুৱাৰমুখতে স্থাপন
author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 8:06 AM IST

Updated : Jan 5, 2024, 10:55 AM IST

নেশ্যনেল ডেস্ক, ৫ জানুৱাৰী : বহু প্ৰতিক্ষাৰ অন্তত ২২ জানুৱাৰীত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব । যাৰ বাবে দ্ৰুতগতিত চলি আছে অন্তিম পৰ্যায়ৰ প্ৰস্তুতি কাম-কাজসমূহ । এই অনুষ্ঠানক লৈ সমগ্ৰ চহৰখনতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । ইফালে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে প্ৰকাশ কৰিছে ভৱিষ্যৎ ৰাম মন্দিৰৰ শেহতীয়া ছবি ।

Ram temple latest photos
হনুমান আৰু গৰুড়ৰ প্ৰতিমূৰ্তিও ৰাম মন্দিৰৰ দুৱাৰমুখতে স্থাপন

ট্ৰাষ্টৰ ৰামভক্তই প্ৰকাশ কৰা মন্দিৰৰ শেহতীয়া ছবিতো মন্দিৰৰ দ্বাৰত সিংহৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে ৷ ইয়াৰ উপৰিও হনুমান আৰু গৰুড়ৰ প্ৰতিমূৰ্তিও ৰাম মন্দিৰৰ দুৱাৰমুখতে স্থাপন কৰা হৈছে । মন্দিৰত প্ৰৱেশ কৰা ৰামভক্তসকলে হনুমান আৰু গৰুড়ৰ পৰা অনুমতি লৈহে নতুনকৈ নিৰ্মাণ কৰা মন্দিৰত প্ৰৱেশ কৰিব পাৰিব ৷ ট্ৰাষ্টৰ ৰামভক্তই প্ৰকাশ কৰা মন্দিৰৰ শেহতীয়া ছয়খন ফটোৰ পৰা অনুমান কৰিব পাৰি যে দ্ৰুত গতিত চলি আছে মন্দিৰ নিৰ্মাণৰ সকলো কাম-কাজ ।

Ram temple latest photos
১৫ জানুৱাৰীৰ পৰাই মন্দিৰত আৰম্ভ হ’ব অনুষ্ঠান

সকলোৰে জ্ঞাত যে, ১৫ জানুৱাৰীৰ পৰাই মন্দিৰত আৰম্ভ হ’ব অনুষ্ঠান । সেয়ে বাকী থকা কামবোৰ অতি সোনকালে সম্পূৰ্ণ কৰাৰ প্ৰস্তুতি চলাই থকা হৈছে । বৃহস্পতিবাৰে বিয়লি অযোধ্যাৰ ৰাম জন্মভূমি কমপ্লেক্সৰ ভিতৰত হনুমানৰ এটা ডাঙৰ প্ৰতিমূৰ্তি স্থাপন কৰে এক্সিকিউটিং এজেন্সী লাৰ্চেন এণ্ড টৌব্ৰ’ৰ কৰ্মচাৰীয়ে ।

Ram temple latest photos
ৰাম মন্দিৰৰ মূল দ্বাৰত স্থাপন কৰা হনুমান আৰু গৰুড়ৰ প্ৰতিমূৰ্তি
Ram temple latest photos
অযোধ্যাত ৰামলালাৰ অভিষেকৰ প্ৰস্তুতি

এই বিশাল প্ৰতিমূৰ্তিটো ক্ৰেন ব্যৱহাৰ কৰি মন্দিৰ কমপ্লেক্সৰ গেটত স্থাপন কৰা হৈছে । ইয়াৰ উপৰিও সিংহদ্বাৰত শিলেৰে সজা সিংহৰ এটা মূৰ্তিও স্থাপন কৰা হৈছে । মূল দ্বাৰত স্থাপন কৰা হৈছে হনুমান আৰু গৰুড়ৰ প্ৰতিমূৰ্তি । আপেক্ষা মাথোঁ আৰু কিছু দিনৰ ৷

লগতে পঢ়ক : ৰাম মন্দিৰৰ বিৰুদ্ধে মন্তব্য নকৰিবলৈ বিৰোধীক আহ্বান ৰামদেৱৰ

Last Updated : Jan 5, 2024, 10:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.