ETV Bharat / bharat

দিল্লীৰ চিকিৎসালয়ত অক্সিজেন যোগান - অক্সিজেন যোগান

দিল্লীত কৰ'ণাসৃষ্ট পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই । মঙলবাৰে নিশাৰ পৰা বুধবাৰে পুৱালৈকে দিল্লীৰ চিকিৎসালয়সমূহত অক্সিজেন যোগান ধৰা হয় । বুধবাৰে এই কথা প্ৰকাশ কৰিছে দিল্লী চৰকাৰে । লগতে চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰি দিছে যে, দিল্লীৰ চিকিৎসালয়বোৰত এতিয়াও অক্সিজেনৰ অভাৱ সম্পূৰ্ণৰূপে পূৰণ কৰিব পৰা নাই ।

দিল্লীৰ চিকিৎসালয়ত অক্সিজেন যোগান
দিল্লীৰ চিকিৎসালয়ত অক্সিজেন যোগান
author img

By

Published : Apr 21, 2021, 8:21 PM IST

নেশ্যনেল ডেস্ক, ২১ এপ্ৰিল: এতিয়াও দিল্লীৰ চিকিৎসালয়সমূহত অক্সিজেনৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে ক'ভিড ৰোগীয়ে । অৱশ্যে, মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীয়ে কৰা টুইটৰ পাছতে দিল্লীৰ বিভিন্ন চিকিৎসালয়লৈ চিকিৎসা অক্সিজেন যোগান ধৰা হয় ।

দিল্লীৰ চিকিৎসালয়ত অক্সিজেন যোগান
দিল্লীৰ চিকিৎসালয়ত অক্সিজেন যোগান

দিল্লী চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, বুধবাৰে দিল্লীৰ বিভিন্ন চিকিৎসালয়ত মঙলবাৰে নিশাৰ পৰা বুধবাৰে পুৱালৈকে অক্সিজেনৰ যোগান ধৰা হয় । তথাপিও দিল্লী চৰকাৰে প্ৰকাশ কৰিছে যে, ৰাষ্ট্ৰীয় ৰাজধানীত অক্সিজেনৰ এতিয়াও অভাৱ আছে আৰু বহুতো চিকিৎসালয়ত বৰ্তমান অক্সিজেন চিলিণ্ডাৰ মাত্ৰ কেইঘণ্টামানৰ বাবেহে উপলব্ধ হ'ব ।

দিল্লীৰ চিকিৎসালয়ত অক্সিজেন যোগান
দিল্লীৰ চিকিৎসালয়ত অক্সিজেন যোগান

সন্ধিয়া অথবা নিশালৈকে অক্সিজেন শেষ হোৱাৰ সম্ভাৱনা অধিক । সেয়ে, যেতিয়ালৈকে দিল্লীৰ বাবে অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰা নহয়, পৰিস্থিতি একেই থাকিব । দিল্লী চৰকাৰে দৈনিক ৭০০ মেট্ৰিক টন অক্সিজেন যোগান ধৰাৰ বাবে কেন্দ্ৰক দাবী কৰি আহিছে । বৰ্তমান কেন্দ্ৰই দিল্লীক প্ৰায় ৩০০ মেট্ৰিক টন অক্সিজেন যোগান ধৰি আহিছে ।

লগতে পঢ়ক: কামাৰপাৰা বিদ্যালয়ত নাম ভৰ্তিৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.