ETV Bharat / bharat

আটাৰী ড্ৰাগছ কেছ, 4 খন ৰাজ্যৰ একাধিক স্থানত নিয়াৰ অভিযান - ড্ৰাগছ বিৰোধী অভিযান

যোৱা 24 এপ্ৰিলত পাঞ্জাৱৰ আটাৰীৰ ইণ্টিগ্ৰেটেড চেক পোষ্টত ভাৰতলৈ চোৰাংকৈ অনা হেৰ’ইন জব্দ কৰাৰ পিছতে সষ্টম হৈছে দেশৰ আৰক্ষী তথা প্ৰশাসন ৷ বৃহস্পতিবাৰে এই ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা নিয়াই চাৰিখন ৰাজ্যৰ 9 টা অঞ্চলত তালাচী অভিযান চলায় (NIA raids multiple locations in 4 states)৷

ATTARI DRUG CASE NIA RAIDS MULTIPLE LOCATIONS IN 4 STATES
আটাৰী ড্ৰাগছ কেছ, 4 খন ৰাজ্যৰ একাধিক স্থানত নিয়াৰ অভিযান
author img

By

Published : Aug 25, 2022, 10:49 AM IST

নেশ্যনেল ডেস্ক, 25 আগষ্ট: সমগ্ৰ দেশজুৰি ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে ৷ যোৱা 24 এপ্ৰিলত পাঞ্জাৱৰ আটাৰীৰ ইণ্টিগ্ৰেটেড চেক পোষ্টত ভাৰতলৈ চোৰাংকৈ অনা হেৰোইন জব্দ কৰাৰ পিছতে সষ্টম হৈছে দেশৰ আৰক্ষী তথা প্ৰশাসন ৷

বৃহস্পতিবাৰে এই ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা নিয়াই চাৰিখন ৰাজ্যৰ 9 টা অঞ্চলত তালাচী অভিযান চলায় (NIA raids multiple locations in 4 states)৷ ইতিমধ্যে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাটোৱে নতুন দিল্লী, মুজাফ্ফৰনগৰ (উত্তৰ প্ৰদেশ), তেহৰি (উত্তৰাখণ্ড) আৰু ৰাজস্থানৰ জয়পুৰৰ নটা স্থানত তালাচী চলাইছে ৷

উল্লেখ্য যে আটাৰিত উদ্ধাৰ হোৱা হেৰ’ইনখিনি আফগানিস্তানৰ কোনো বিদেশী সৰবৰাহকাৰীয়ে লিকোৰিচ নামৰ এবিধ বনৌষধিৰ শিপা(মুলেথি) (licorice roots)ত জব্দকৃত হেৰ’ইনখিনি লুকুৱাই পঠিয়াইছিল (Attari Drug Case)৷

এই গোচৰটো প্ৰাৰম্ভিক অৱস্থাত অমৃতসৰৰ আই চি পি আটাৰীত শুল্ক বিভাগে এটা গোচৰ ৰুজো কৰিছিল নিয়াত ৷ এই ড্ৰাগছ বিৰোধী অভিযানত নিয়াৰ এটা দলে চলোৱা তালাচীৰ ফলত নথিপত্ৰ আৰু ডিজিটেল সঁজুলিকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ৷ সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ অধিক অনুসন্ধান অব্যাহত ৰাখিছে নিয়াই ৷

লগতে পঢ়ক: ভাৰতীয় পোষ্টত আক্ৰমণৰ বাবে মোক ধন দিছিল পাকিস্তানী সেনাই, সন্ত্ৰাসবাদীৰ স্বীকাৰোক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.