ETV Bharat / bharat

Violence in Manipur : পুনৰ উগ্ৰপন্থী আৰু স্বেচ্ছাসেৱকৰ মাজৰ সংঘৰ্ষত আঘাতপ্ৰাপ্ত 9 জনকৈ লোক

author img

By

Published : Jun 13, 2023, 7:00 AM IST

অশান্তজৰ্জৰ মণিপুৰ ৷ সন্দেহযুক্ত কুকি উগ্ৰপন্থী আৰু গাঁৱৰ স্বেচ্ছাসেৱকৰ মাজত সোমবাৰে সংঘটিত হয় গুলীয়াগুলী ৷ 9 জন সাধাৰণ নাগৰিক আঘাতপ্ৰাপ্ত ৷ এজনৰ অৱস্থা সংকটজনক ৷

Manipur Violence
অশান্তজৰ্জৰ মণিপুৰ

নেশ্যনেল ডেস্ক, 13 জুন : এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই মণিপুৰৰ পৰিস্থিতি ৷ ৰাজ্যখনত সোমবাৰে পুনৰ হোৱা এক সংঘৰ্ষত আঘাতপ্ৰাপ্ত হয় কমেও 9 জন সাধাৰণ নাগৰিক ৷ পূৱ ইম্ফল জিলাৰ সাগোলমাং থানাৰ অন্তৰ্গত নংছুম গাঁৱত সোমবাৰে সন্দেহযুক্ত কুকি উগ্ৰপন্থী আৰু গাঁৱৰ স্বেচ্ছাসেৱকৰ মাজত গুলীয়াগুলী সংঘটিত হয় বুলি জানিবলৈ পৰা গৈছে ৷ পুৱা প্ৰায় 10 বজাৰ পৰা আৰম্ভ হোৱা এই সংঘৰ্ষ সন্ধিয়া পৰ্যন্ত চলিছিল বুলি স্থানীয় এক সূত্ৰত প্ৰকাশ ।

সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি, পুৱা প্ৰায় 10 বজাত নোংছুম গাঁৱৰ দিশত প্ৰথমে গুলীচালনা আৰম্ভ কৰে সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে । ইয়াৰ পিচতে সংশ্লিষ্ট গাঁৱৰ স্বেচ্ছাসেৱকসকলেও গুলী চলাবলৈ আৰম্ভ কৰে । ইম্ফল ফ্ৰী প্ৰেছে খোপিবুং গাঁৱৰ গেটত বাংকাৰ আৰু চেণ্ট্ৰি পোষ্ট স্থাপন কৰা কুকি উগ্ৰপন্থী আৰু নংছুমৰ স্বেচ্ছাসেৱকৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ সৃষ্টি হোৱাৰ লগতে দিনৰ প্ৰায় 12.30 বজাত নংছুম মামাং পাহাৰৰ জি/আৰৰ দিশৰ পৰা হোৱা গুলীচালনাত চাৰিজন গাঁৱৰ স্বেচ্ছাসেৱক আঘাতপ্ৰাপ্ত হয় বুলি বাতৰি প্ৰকাশ কৰিছে ।

আনফালে, কাংপোকপি জিলাৰ ছাইকুল মহকুমাৰ খামেনলক গাঁৱত সোমবাৰে কুকি উগ্ৰপন্থীৰ সৈতে গুলীয়াগুলীৰ ফলত কমেও 9 জনকৈ গাঁও প্ৰতিৰক্ষা স্বেচ্ছাসেৱক গুলীত আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে ইম্ফলৰ ৰাজ মেডিচিটিত চিকিৎসাধীন হৈ থকা এজনৰ অৱস্থা সংকটজনক বুলি ফ্ৰী প্ৰেছে উল্লেখ কৰে ।

উল্লেখ্য যে, মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেয়ে সোমবাৰে চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাৰ কেইবাটাও সাহায্য শিবিৰ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে । ৰাজ্যপালগৰাকীয়ে স্থানচ্যুত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস আগবঢ়ায় ।

লগতে পঢ়ক : Lets give peace a chance:কেন্দ্ৰ-মণিপুৰ চৰকাৰৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.